15 C
Guwahati
Friday, January 28, 2022
More

    Breaking: কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

    খুন্দা মৰাৰ ফলত এজন যুৱকৰ থিতাতে মৃত্যু ঘটে আৰু গুৰুতৰভাৱে আহত হোৱা আনজন লোকক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়

    কৰিমগঞ্জৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এজনৰ আৰু আনজন গুৰুতৰভাৱে আহত। কৰিমগঞ্জৰ মালুৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা এখন টিপাৰত খুন্দা মাৰে বদৰপুৰৰ পৰা কৰিমগঞ্জ অভিমুখে আহি থকা এখন স্কুটীয়ে।

    খুন্দা মৰাৰ ফলত এজন যুৱকৰ থিতাতে মৃত্যু ঘটে আৰু গুৰুতৰভাৱে আহত হোৱা আনজন লোকক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। মৃত যুৱকজন কৰিমগঞ্জ চহৰৰ চেটেলমেণ্ট এলাকাৰ জমিল আহমেদ আৰু আহত মাইজডিহি BSF কেম্প ৰোডৰ আকবৰ উদ্দীন বুলি চিনাক্ত কৰা হৈছে। দুয়োখন বাহন নম্বৰবিহীন আছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং