16.3 C
Guwahati
Friday, February 3, 2023
More

    ডিব্ৰুগড়ত চাঞ্চল্য; ভাড়াঘৰৰ কোঠাত যান-বাহন আৰক্ষীৰ আত্মহত্যা

    যোৰহাট তিতাবৰৰ ৰূপজ্যোতি কলিতা নামৰ আৰক্ষীজনৰ আত্মহত্যাই কঁপাইছে ডিব্ৰুগড়

    ডিব্ৰুগড়ত চাঞ্চল্য। ৰূপজ্যোতি কলিতা নামৰ এজন যান-বাহন আৰক্ষীৰ আত্মহত্যা। আত্মহত্যাৰ কাৰণ জানিব পৰা নাই। যোৰহাট তিতাবৰৰ ৰূপজ্যোতি কলিতা নামৰ যান-বাহন আৰক্ষীজনে ডিব্ৰুগড়ৰ বিষ্ণুনগৰৰ ভাড়াঘৰত কোঠাৰ ভিতৰত এখন চিলিংফেনত ওলমি আত্মহত্যা কৰে।

    জানিব পৰা মতে মহামাৰী কৰ’ণা আতংক তথা লক ডাউনৰ বাবে ৰঙালী বিহুৰ সময়ত নিজ গৃহলৈ যাব নোৱাৰি মানসিক অন্তৰ্দ্বন্দ্বত ভূগিয়েই আত্মহত্যা কৰাৰ সন্দেহ।

    অৱশ্যে যোৱা নিশা ৮ বজালৈকে নিজ কতৰ্ব্যত থকা আৰক্ষীজনে নিজ গৃহলৈ যাব নোৱাৰিয়েই নে আন কিবা পাৰিবাৰিক কন্দলত আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’লে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।

    আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।তদন্তৰ পাছতহে আৰক্ষী জোৱানজনৰ আত্মহত্যাৰ কাৰণ সন্দৰ্ভত স্পষ্ট হ’ব।আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ অসম চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং