26 C
Guwahati
Thursday, September 29, 2022
More

    দুৰ্গা পূজাত কিমান জৰিমনা বিহিলে যান-বাহন আৰক্ষীয়ে?

    ৫ৰ পৰা ৮ অক্টোবৰলৈকে অৰ্থাৎ পূজাৰ চাৰিটা দিনতে এই ধনৰাশি সংগ্ৰহ কৰিছে আইন উলংঘন কৰা লোকৰ পৰা

    পূজাৰ সময়ত বৃহৎ পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিছে যান-বাহন আৰক্ষীয়ে। গুৱাহাটীত আইন উলংঘাকাৰীৰ পৰা যান-বাহন আৰক্ষীয়ে সংগ্ৰহ কৰিছে মুঠ ১ লাখ ৭২ হাজাৰ টকাৰ জৰিমনা। ৫ৰ পৰা ৮ অক্টোবৰলৈকে অৰ্থাৎ পূজাৰ চাৰিটা দিনতে এই ধনৰাশি সংগ্ৰহ কৰিছে আইন উলংঘন কৰা লোকৰ পৰা।

    আইন ভংগকাৰীৰ বিৰুদ্ধে ৰুজু হৈছে মুঠ ৬৩০টা গোচৰ। ইয়াৰ ভিতৰত স্পট ফাইন কেছ ১৬১টা আৰু নন এফ আই আৰ কেছ ৩৬৯টা। সুৰাপান কৰি গাড়ী চলোৱাক লৈ ১২৯টা গোচৰ ৰুজু কৰিছে যান-বাহন আৰক্ষীয়ে। আনহাতে গুৱাহাটীত ৪টা দুৰ্ঘটনাত সংঘটিত হৈছে পূজাত। ইয়াৰে তিনিজনৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হৈছে দুজন।

    Photo Credit : GuwahatiCityTraffic

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং