27 C
Guwahati
Friday, September 30, 2022
More

    ক’ত NO ENTRY, ক’ত NO PARKING, ক’ত ONE WAY, দুৰ্গাপূজাক লৈ নতুন পথ নিৰ্দেশনা

    ৫ তাৰিখৰ পৰা ৮ তাৰিখলৈ গধুৰ যান-বাহনসমূহ পুৱতি নিশা ৪ বজাৰ পৰা ৭ বজালৈ মহানগৰীত প্ৰৱেশ কৰিব পাৰিব

    দুৰ্গাপূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ ৰাজপথক লৈ নতুন নিৰ্দেশনা। যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াৰ সংবাদমেলত পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাতায়ত ব্যৱস্থাৰ সালসলনি। পূজাৰ সময়ত তৎকালীন ব্যৱস্থাৰ গাড়ীক সকলোৱে বাট এৰি দিবলৈ আহ্বান।

    ৫ তাৰিখৰ পৰা ৮ তাৰিখলৈ গধুৰ যান-বাহনসমূহ পুৱতি নিশা ৪ বজাৰ পৰা ৭ বজালৈ মহানগৰীত প্ৰৱেশ কৰিব পাৰিব। গণেশ মন্দিৰৰ পৰা গণেশগুৰিলৈ গাড়ী আহিব পাৰিব কিন্তু যাব নোৱাৰিব। প্লটন বজাৰৰ এ কে আজাদ ৰোড NO ENTRY থাকিব। পানবজাৰৰ MS ৰোড NO ENTRY থাকিব। মালিগাঁও-পাণ্ডু পথত NO ENTRY থাকিব।

    কুমাৰপাৰা পাঁচআলি সংযোগী ৰোডত NO ENTRY থাকিব। ভৰলুমুখৰ পৰা শান্তিপুৰলৈ NO PARKING থাকিব। বশিষ্ঠ চাৰিআলিৰ পৰা অহা গাড়ীবোৰ এজি অফিচৰ বাইলেনেৰে চলাচল কৰিব পাৰিব। ভৰলুৰ পৰা শান্তিপুৰলৈ NO PARKING থাকিব। অনুৰাধা পইণ্টৰ পৰা হাতীগৰ চাৰিআলিলৈ ONE WAY হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং