চালানবিহীনভাৱে শিল-বালি কঢ়িওৱা ট্ৰাক ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে অভিযান অব্যাহত নলবাৰী বন বিভাগৰ। বন বিষয়াৰ প্ৰাণৰ প্ৰতি সংশয় নামি অহাৰ পিছতো থমকি ৰোৱা নাই নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়। আজি পুনৰ জব্দ কৰিলে ডাম্পাৰ আৰু ট্ৰাক। নলবাৰীৰ শোলমাৰাত জব্দ কৰা হ’ল চালানবিহীনভাৱে শিল আৰু বালি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰাক।জব্দ কৰা গাড়ী দুখনৰ নাম্বাৰ হ’ল AS 15 AC 3293 আৰু AS 01 BC 8969৷
বনপালক দেৱব্ৰত শৰ্মাৰ নেতৃত্বত যোৱা এটি দলে চালানবিহীনভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰাক দুখন জব্দ কৰে নলবাৰীৰ শোলমাৰাৰ পৰা। উল্লেখযোগ্য যে তিনিদিন পূৰ্বে দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছিল নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত।অবৈধভাৱে বালি কঢ়িওৱা এখন ট্ৰেক্টৰ জব্দ কৰাৰ বাবেই আক্ৰমণ সংঘটিত হৈছিল নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত।
কাৰ্যালয়ত দলবদ্ধ আক্ৰমণ কৰি বলপূৰ্বক উলিয়াই নিছিল জব্দকৃত বালিভৰ্তি ট্ৰেক্টৰ৷ এদিনতে চালান বিহীনভাৱে শিল বালি কঢ়িওৱা ট্ৰাক ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা দুই লক্ষাধিক টকা জৰিমনা আদায় কৰিছিল নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে।
Photo Credit:@hirakdeka