দুই অতি চতুৰ তথা মহাজ্ঞানী বন্ধু। পিছে নিজৰ চতুৰতাই শেষত গৈ ৰঙাঘৰৰ আলহী কৰি পেলালে দুইকো। ভঙাগড়ত সংঘটিত হৈছে তথা চৰ্চিত হৈছে দুই বন্ধুৰ কাহিনী। ডকাইতিৰ নাটক কৰি নিজে পতা জালতে পৰিল দুজন মহানগৰীৰ যুৱক।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দুজন যুৱকে Xpress bees Courier serviceৰ পৰা ৫ লাখ ৬৬ হাজাৰ টকা লুতৰ পৰিকল্পনা ৰচিছিল। প্ৰতিষ্ঠানটোৰ টকা ঘৰত লুকুৱাই ৰাখি ডকাইতিৰ নাটক কৰি ভঙাগড় থানাত গোচৰো দিছিল দুই যুৱকে।

পিছে লেঠা লাগিল তাতেই, আৰক্ষীৰ সন্দেহ উপজাত তদন্ত কৰাত ওলাই পৰে আচল কাহিনী। কুৰিয়াৰ চাৰ্ভিছটোৰ ব্ৰাঞ্চ ইনচাৰ্য মুনিন্দ্ৰ দাস আৰু প্ৰচেচিং ষ্টাফ অনুপ বৰ্মনে মিলি ৰচে এই পৰিকল্পনা। নিশা কাৰ্যালয়টোৰ তলা ভাঙি তাৰ পিছত চিচি কেমেৰা ভাঙি ডকাইতিৰ নাটক কৰিছিল। আৰু টকা সমূহ নি লুকুৱাই ৰাখিছিল নিজ বাসগৃহত। পিছত আৰক্ষীয়ে তালাচী চলাওতে অনুপ বৰ্মনৰ বামুণীমৈদামৰ বাসগৃহত ওলাই পৰে নগদ ৫ লাখ ৩৪ হাজাৰ ২১০টকা।
Photo: @smitaranideka