15 C
Guwahati
Tuesday, January 25, 2022
More

    ভাৰতত TIKTOKৰ অন্ত, লগতে নিষিদ্ধ ৫৯টা চাইনীজ মোবাইল এপ

    অৱশেষত ভাৰতত অন্ত পৰিল অতিকে জনপ্ৰিয় এপ TIKTOKৰ। কেন্দ্ৰীয় চৰকাৰে এক জাননীৰ জৰিয়তে নিষিদ্ধ ঘোষণা কৰে টিকটকৰ লগতে অন্য ৫৬ ৫৯টা চাইনীজ মোবাইল এপ।

    কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি হয় এই বৃহৎ ঘোষণা। টিকটকৰ লগতে নিষিদ্ধ ঘোষণা আন এক জলপ্ৰিয় অনলাইন শ্বপিং এপ ক্লাব ফেক্টৰী।

    লাডাখত চীন-ভাৰতৰ মাজত সীমান্তত যুঁজ চলি থকাই দেশজুৰি উত্তেজনা বৃদ্ধি পাইছে। আনহাতে এই সমূহ চাইনীজ এপত তথ্য হৰলুকি হোৱাৰ সম্ভাৱনা থাকে।

    যাৰ বাবেই ভাৰতীয়লোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে।

    টিকটকৰ লগতে নিষিদ্ধ ঘোষণা হোৱা আন আন এপ সমূহ হৈছে, ক্লাব ফেক্টৰী, শ্বেইন, লাইকী, বিউটী প্লাচ, ইউকেম মেকআপ, জেণ্ডাৰ, শ্বেয়াৰ ইট, ক্লেছ অফ কিংগছ, ডি ইউ বেটাৰী ছেভাৰ, ইউ চি ব্ৰাউজাৰ, চিএম ব্ৰাউজাৰ, ভাইৰাছ ক্লীনাৰ, মেইল মাষ্টাৰ, এম আই ক’ল, ক্লীন মাষ্টাৰ আদি জনপ্ৰিয় এপ।

    Photo Credit: BGR India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং