18 C
Guwahati
Monday, November 29, 2021
More

    ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২৪টাকৈ বন শিবিৰ পানীৰ তলত, ওখ ঠাই বিচাৰি বন্যপ্ৰাণীৰ ঢাপলি

    বনবিভাগৰ পৰা জানিব পৰা মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪০ টা বন শিবিৰৰ ভিতৰত ২৪ টা বন শিবিৰ সম্প্ৰতি পানীৰ তলত ডুব গৈছে

    দৰং জিলা আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বানপানীয়ে বিস্তীৰ্ণ এলেকা ডুবাই পোলোৱাত বন্যজীৱৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

    ধনশ্ৰী আৰু পাঁচনৈৰ লগতে ব্ৰহ্মপুত্ৰৰ সুঁতিসমূহ বিগত এসপ্তাহ ধৰি মূষলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি উদ্যানৰ ৭০ শতাংশ এলেকা ডুবাই পেলাইছে।

    মাত্ৰ ত্ৰিশ শতাংশ শুকান হৈ থকা হাইলেণ্ডত আশ্ৰয় গ্ৰহণ কৰিছে বন্যজীৱ-জন্তু সমূহ।

    বনবিভাগৰ পৰা জানিব পৰা মতে উদ্যানখনৰ ৪০ টা বন শিবিৰৰ ভিতৰত ২৪ টা বন শিবিৰ সম্প্ৰতি পানীৰ তলত ডুব গৈছে।

    পানীৰ তলত থকা শিবিৰ সমূহ হৈছে ভৱপুৰ, গাছপাৰা, বেলচিৰি, ৰাউনী, গৰাভঙা, অল্ড গৰাভঙা, বনটাপু, কাঠগঢ়া, হাতীপোটা, মৰিশালী, পিছলা, টিনকোনা, হাজাৰিবাগ, গছাপাৰা, কাটিশালী আদি।

    উদ্যানৰ ভিতৰুৱা পথ সমূহ ভাঙি গৈ যোগাযোগ বিচ্ছিন্ন হৈছে। বনৰক্ষীয়ে নাও আৰু হাতীৰে পহৰা দিবলৈ বাধ্য হৈছে।

    ইপিনে ধনশিৰী আৰু মৰা ধনশ্ৰী নদীৰ বাঢ়নী পানীত ডুব গৈছে দলগাঁও সমষ্টিৰ প্ৰায় ৩০-৪০খন গাঁও।

    কৌপাটীৰ কেইবাখনো গাঁও ডুবাইছে মৰা ধনশ্ৰী নদীয়ে।

    Photo Credit: @rikidas

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং