25 C
Guwahati
Thursday, October 6, 2022
More

    অসমত বানৰ বিভীষিকা: ২৬ খন‌ জিলাৰ ৩৬ লাখ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ৬৬লৈ বৃদ্ধি

    কৰ’ণাৰ সমান্তৰাল ভাৱে ৰাজ্যত বানে ভয়ংকৰ তাণ্ডৱৰ সৃষ্টি কৰিছে ।

    বহু বছৰৰ পৰাই বানে জুৰুলা কৰি আহিছে অসমবাসীক ।

    চলিত বৰ্ষৰ বানেও ভয়ংকৰ বিপদ মাতি আনিছে ৰাজ্যবাসীলৈ ।

    লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানৰ কবলত, নষ্ট হৈছে কৃষি ভূমি।

    লগতে প্ৰভাৱিত হৈছে বিভিন্ন জীৱ-জন্তু পশু পক্ষী আদিও ।
    উল্লেখ্য যে চলিত বৰ্ষৰ বানত অসমৰ ২৬ খন জিলাৰ ৩৬ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

    বিগত দুটা দিনত বানৰ কবলত পৰি মৃত্যুমুখত পৰে ১৬ জনকৈ লোক ।

    ইয়াৰ ফলত চলিত বৰ্ষত অসমত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হয়েই ৬৬ জনলৈ ।‌


    দিনক দিনে ৰাজ্যত বানৰ প্ৰকোপ বৃদ্ধি হৈ আহিছে ।

    এই বানত বিলীন হৈ গৈছে লাখ লাখ মানুহৰ কৃষিভূমি, ঘৰ বাৰী । ৩৬,০০০ লোক ঘৃহহীন হৈ পৰিছে ।

    আশ্ৰয় বিচাৰি বিভিন্ন লোক এতিয়াও বান শিবিৰত আছে । খাদ্যৰ সংকটকে ধৰি বিভিন্ন সমস্যাই জুৰুলা কৰিছে বৰ্ণ্যাতক ।

    ইয়াৰোপৰি বিভিন্ন ধৰণৰ উদ্যান , ৰাষ্ট্ৰীয় উদ্যান আদিটো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ।
    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯৫% ডুব গৈছে বানত । বহু জীৱ জন্তু মৃত্যু মুখত পৰিছে ।

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও পবিতৰা অভয়াৰণ্যত, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আদিতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।


    বানৰ ফলত ৰাজ্যৰ ৩৩৭৬ খনকৈ গাওঁ প্ৰভাৱিত হৈছে ।

    photo credit : time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং