কৰ’ণা ভাইৰাছৰ আতংকত চলিত বৰ্ষৰ শেষলৈ পিছুৱাৰ সম্ভাৱনা টকিঅ’ অলিম্পিক। কৰ’ণা ভাইৰাছৰ আতংক অব্যাহত থাকিলে IOCয়ে অলিম্পিক পিছুৱাই দিবলৈ অনুমতি প্ৰদান কৰিব। এই সিদ্ধান্ত কেৱল IOCয়েহে ল’ব পাৰে।
পূৰ্বৰ দিনটোতে গেমছ আয়োজনৰ বাবে চেষ্টা চলাব। ইফালে জাপানতো বহু লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। যাৰ বাবে বিদেশৰ খেলুবৈসকল জাপান ভ্ৰমণ কৰিবলৈ অনীহা প্ৰকাশ কৰিছে। বিখ্যাত সন্তৰণবীদ ইয়ান থ’ৰ্পে কয় যে অলিম্পিক পদতকৈ জীৱন বহুত ডাঙৰ। আনহাতে গেমছ পিছুৱালে ব্যাপক ক্ষতি হোৱাৰ কথাও উল্লেখ কৰিছে অলিম্পিকৰ আয়োজকে।
Photo credit: deadline.com