অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫১ সংখ্যক তিৰোভাৱ তিথি । ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস,কু-সংস্কাৰ আঁতৰ কৰি এখন সুস্থিৰ সমাজ গঠন কৰাত প্ৰধান হোতা গুৰুজনাক হৰিনাম কীৰ্তনেৰে ভক্তপ্ৰাণ ৰাইজে সোঁৱৰণ কৰিছে সমগ্ৰ ৰাজ্যই।
পুৱাই নামঘৰ আৰু সত্ৰসমূহত গুৰুজনাৰ এই তিথি পালন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫১ সংখ্যক তিথি উপলক্ষে গুৰুকীৰ্তনে মুখৰিত বটদ্ৰৱা থানৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয় আৰু অনুষ্ঠান-প্ৰতিষ্ঠান।
Photo Credit: http://indiafacts.org