আজি ১ মে’, আন্তৰ্জাতিক শ্ৰমিক দিৱস। যিটো মে’ দিৱস নামেৰেও পৰিচিত। এই শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখিয়েই বিশ্বৰ সমূহ শ্ৰমিক সকললৈ সন্মান জ্ঞাপনৰ উদ্দেশ্যে এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। সকলো দিৱসেই একো একোটা তাৎপৰ্য বহন কৰি আহিছে যদিও মে’ দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ তাৎপৰ্য আন দিৱসৰ তুলনাত সুকীয়া। কাৰণ এই দিৱসৰ অন্তৰালত সোমাই আছে শ্ৰমিকসকলৰ ত্যাগৰ বিনিময়ত আনন্দ লাভ।
মে’ দিৱসৰ পৰম্পৰা ঊনবিংশ শতিকাৰ পৰা চলি আহিছে৷ ইয়াৰ জন্মৰ প্ৰকৃত কাৰণ আছিল ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত শ্ৰমিকৰ ওপৰত কৰা গুলি চালনা। এই গুলি চালনাত নিহত হৈছিল ১১ জন শ্ৰমিক, যি কেইগৰকীৰ পিছলৈ ছহিদ হিচাপে ঘোষণা কৰা হৈছিল।
আগতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লগা হৈছিল। শিল্প বিপ্লৱৰ পিছৰে পৰাই বৃহৎ কল-কাৰখানা গঢ় লৈ উঠাত বুজন সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হৈছিল। যাৰ ফলতেই জন্ম পাইছিল পুঁজিপতি শ্ৰেণীটো। পুঁজিপতিসকলে অতি সামান্য মজুৰিৰ বিনিয়মত শ্ৰমিকসকলক দৈনিক ১৮ৰ পৰা ২০ ঘণ্টা পৰ্যন্ত কামত খটুৱাইছিল। যিটো কোনোফালৰ পৰা যুক্তিসংগত নহয় বুলি শ্ৰমিকসকলে আপত্তি দৰ্শাইছিল।
আৰু যি সকলে ইয়াৰ ওপৰত সমুখলৈ ওলাই আহি আপত্তি দৰ্শাইছিল তেওঁলোকে ইয়াৰ বিনিময়ত পাইছিল শাস্তি। সেয়ে দৈহিক শাস্তিৰ ভয়ত বহুসংখ্যক শ্ৰমিকে নিয়াৰিকৈ কামখিনি কৰিবলৈ বাধ্য হৈছিল নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈয়ো। পুঁজিপতিসকলে শ্ৰমিক শ্ৰেণীৰ ওপৰত চলোৱা এনে অন্যায়ৰ বিৰুদ্ধে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা কাৰ্লমাক্স আৰু ফ্ৰেডৰিক এংগেলছ গৰজি উঠিল আৰু এটা সংগঠন সৃষ্টি কৰি প্ৰতিবাদ আৰম্ভ কৰিলে।
প্ৰতিবাদৰ জুই পৃথিৱীৰ বিভিন্ন দেশ-মহাদেশলৈ বিয়পিবলৈ ধৰিলে। ইয়াৰ প্ৰভাৱতেই ১৮৬৪ চনত সৃষ্টি হ’ল আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ। সিফালে ১৮৮৪ চনত শ্ৰমিক সংস্থাসমূহ একত্ৰিত হৈ এটা ফেডাৰেচন তৈয়াৰ কৰি তেওঁলোকৰ চতুৰ্থ সন্মিলনত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছিল যিটো প্ৰস্তাৱত কোৱা হৈছিল এনেদৰে- ১৮৮৬ চনৰ ১ মে’ তাৰিখৰ পৰা সকলো শ্ৰমিকে দৈনিক ১৮ৰ পৰা ২০ ঘণ্টাৰ বিপৰীতে মাত্ৰ ৮ ঘন্টাহে কামৰ সময় বুলি গণ্য কৰিব আৰু বাকী ১৬ ঘণ্টা তেওঁলোকে বিশ্ৰাম আৰু সাংস্কৃতিক বিনোদনৰ মাজেৰে পাৰ কৰিব।
এই কথা কাৰ্যকৰী কৰাৰ দাবীৰে শ্ৰমিকসকলে আন্দোলন আৰম্ভ কৰে আৰু মালিক পক্ষক এই দাবী সমৰ্থন জনোৱাৰ বাবে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১মে’৷ কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে৷ ১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকলে শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়৷ পিছে তেনে সময়তে হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমা বিষ্ফোৰণ হয় আৰু এজন আৰক্ষী বিষয়া নিহত হয়৷ এই আকস্মিক ঘটনাৰ পিছতে আৰক্ষীবাহিনীয়ে শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, য’ত ১১ জন শ্ৰমিক ছহিদ হয়৷
এই ঘটনাৰ পিছতেই তিনি বছৰমান এই ক্ষোভৰ জুই জ্বলিল শ্ৰমিকসকলৰ হৃদয়ত। চৰকাৰেও কেইজনমান শ্ৰমিক নেতাক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড বিহে যাতে শ্ৰমিকসকলৰ আন্দোলনৰ সিমানতে অন্ত পৰে। অৱশেষত ১৮৮৯ চনৰ জুলাই মাহৰ ১৭ তাৰিখে পেৰিছত হোৱা শ্ৰমিকৰ আন্তৰ্জাতিক সন্মিলনত এক ঐতিহাসিক সিদ্ধান্ত লোৱা হয় যে চিকাগোৰ সন্মিলনৰ সময়ত ছহিদ হোৱা শ্ৰমিকসকলক শ্ৰদ্ধা আৰু স্মৰণ কৰি তেওঁলোকৰ ত্যাগৰ বিনিময়ত ১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে’ মাহৰ ১ তাৰিখৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হ’ব।
Photo Credit: @himantabiswa