27 C
Guwahati
Wednesday, December 1, 2021
More

    অযোধ্যা ৰায় দি আজি মাতৃভূমিত ৰঞ্জন গগৈ

    কটকটীয়া নিৰাপত্তাৰ মাজেৰে নতুন দিল্লীৰ পৰা প্ৰথমে পোনে পোনে ডিব্ৰুগড়লৈ যাব মুখ্য ন্যায়াধীশগৰাকী। ডিব্ৰুগড়ৰ পৰা ৰঞ্জন গগৈ আহিব গুৱাহাটীলৈ

    অযোধ্যা ৰায়ৰ এদিন পিছতে অৰ্থাৎ আজি অসমলৈ আহিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। অযোধ্যা ৰায়ৰ পিছত গুৱাহাটীত প্ৰথম ৰাজহুৱা কাৰ্যসূচীত অংশ ল’ব ৰঞ্জন গগৈয়ে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে নতুন দিল্লীৰ পৰা প্ৰথমে পোনে পোনে ডিব্ৰুগড়লৈ যাব মুখ্য ন্যায়াধীশগৰাকী। ডিব্ৰুগড়ৰ পৰা ৰঞ্জন গগৈ আহিব গুৱাহাটীলৈ। ৰঞ্জন গগৈৰ লগতে আহিব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ এছ এ ববদেও। বিয়লি ৫ মান বজাত গুৱাহাটীৰ মাছখোৱাৰ আই টি আই চেণ্টাৰত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত অংশ ল’ব দুয়োগৰাকীয়ে। ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিব মাছখোৱাৰ আই টি আই চেণ্টাৰত অনুষ্ঠিত সভাত।

    উল্লেখনীয় যে শতিকাজোৰা বিবাদৰ অৱসান ঘটাই এক ঐতিহাসিক ৰায়দান কৰে উচ্চতম ন্যায়ালয়ে। অসম সন্তান ৰঞ্জন গগৈৰ নেতৃত্বত ৰাম জন্মভূমিক লৈ ৫জনীয়া বিচাৰপীঠে দিয়ে চূড়ান্ত ৰায়। আৰু এই ৰায়দানৰ পিছতে বৃদ্ধি কৰা হৈছে ৰঞ্জন গগৈৰ নিৰাপত্তা। শনিবাৰেই ৰঞ্জন গগৈৰ নিৰাপত্তা ব্যৱস্থা Zৰ পৰা Z+লৈ বৃদ্ধি কৰে কেন্দ্ৰীয় চৰকাৰে। লগতে সাংবিধানিক বিচাৰপীঠৰ পাঁচজনীয়া সদস্যৰ আন পাঁচজন ন্যায়াধীশৰ নিৰাপত্তাও Y ৰ পৰা Y+ বৃদ্ধি কৰে কেন্দ্ৰই।

    Photo Credit : Businesstoday.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং