বনভোজ খাবলৈ গৈ সন্ধানহীন তিতাবৰ বিৰিনাশায়েক গাড়ীকুৰি গাঁওৰ ২৫ বছৰীয়া যুৱক দীপাংকৰ গগৈ। ৯ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে যুৱকজন। একমাত্ৰ সন্তানটি সন্ধানহীন হোৱাৰ ফলত দুখত ভাগি পৰিছে পিতৃ-মাতৃ।
পৰিয়াল বৰ্গই বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই যুৱক জনৰ। আনহাতে যুৱক জনে ব্যৱহাৰ কৰা মোবাইল ফোনটো ছুইচ অফ হৈ থকাত আৰু অধিক চিন্তাত পৰিছে পিতৃ-মাতৃ।

ঘটনাসন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই তিতাবৰ আৰক্ষীয়ে। সেয়ে সহায় বিচাৰি পিতৃ-মাতৃৰ আহ্বান।
যুৱক জনৰ কোনো সম্ভেদ পালে 9365816643 / 6000564813 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ দুৰ্ভগীয়া পিতৃ-মাতৃৰ।
Photo: Sajid Hussain