27 C
Guwahati
Wednesday, October 13, 2021
More

    তিনিচুকীয়াত ২০ সহস্ৰাধিকৰ “গণ গৰ্জন”

    এই সমদলত প্ৰায় সংখ্যক মানুহেই জাতিগত সাজপোচাক পৰিধান কৰি আগভাগ লোৱা পৰিলক্ষিত হয়

    তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ আহ্বানত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত বৃহৎ “গণ গৰ্জন” কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত জিলাখনৰ প্ৰায় ২০ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কপাই তোলে তিনিচুকীয়া জিলাৰ ৰাজপথ।

    আইটিআই খেলপথাৰৰ পৰা এএছটিচি বাছ ষ্টেণ্ড লৈকে এক বৃহৎ প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই উত্তাল কৰি তোলে সমগ্ৰ তিনিচুকীয়া। এই সমদলত প্ৰায় সংখ্যক মানুহেই জাতিগত সাজপোচাক পৰিধান কৰি আগভাগ লোৱা পৰিলক্ষিত হয়। লগতে তাল-খোল লৈ জয় আই অসম ধ্বনি দি ডেকাৰ পৰা বুঢ়ালৈ সকলো উলাই আহে ৰাজপথলৈ।

    PHOTO: @ Keshab Mahanta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং