26 C
Guwahati
Friday, October 7, 2022
More

    লকডাউনৰ মাজতো ড্ৰাগছ সেৱন কৰিবলৈ এৰা নাই লোকে, তিনিচুকীয়াত ব্ৰাউন চুগাৰ সহ আটক এজন

    জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ প্ৰায় ৯ গ্ৰাম

    সমগ্ৰ দেশজুৰি লকডাউন চলি থকাৰ সময়তেই একাংশ ড্ৰাগছ আসক্তই এৰা নাই ড্ৰাগছ সেৱন কৰিবলৈ। যাৰ বাবে সৰবৰাহকাৰীয়েও কৰ’ণাক কেৰেপ নকৰি ওলাই আহিছে ড্ৰাগছ যোগান ধৰিবলৈ। এচাম অসাধু চক্ৰই তিনিচুকীয়াত সক্ৰিয়ভাৱে চলাইছে ড্ৰাগচৰ ৰমৰমীয়া ব্যৱসায়।

    লকডাউনৰ মাজতেই তিনিচুকীয়াৰ মাকুমত ব্ৰাউন চুগাৰ সহ আটক এজনক। ১১ এপ্ৰিল ২০২০ শনিবাৰে দুপৰীয়া মাকুম নাহৰণি বাইপাছত তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত চলা নিয়মীয়া তালাচীৰ সময়তে আটক কৰে যুৱকজনক।

    জানিবলৈ পোৱা অনুসৰি বিতুপন বৰুৱা নামৰ যুৱকজনে স্কুটীৰ ডিকিৰ ভিতৰত এটা হৰলিক্সৰ বটলত ভৰাই আনিছিল ব্ৰাউন চুগাৰখিনি। জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ প্ৰায় ৯ গ্ৰাম বুলি জনাই তিনিচুকীয়া আৰক্ষীয়ে।

    Photo Credit: @keshab-mahanta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং