30 C
Guwahati
Friday, August 12, 2022
More

    ৩দিন ধৰি নিৰ্গমণ হৈ আছে বাঘজান তৈলখাদৰ গেছ আৰু তেল; মৃত্যু হৈছে কেইবাটাও পশু-পক্ষী, দুষ্প্ৰাপ্য শিহু

    তিনিচুকীয়াৰ বাঘজান অইল খাদৰ পৰা ৩ দিন ধৰি অবিৰতভাৱে নিৰ্গত হৈ থকা খনিজ তেলে ভয়ংকৰ বিপদ মাতি আনিছে বাঘজানকে ধৰি সমীপতে থকা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিললৈ। এই খনিজ তেলৰ বাবে মৃত্যমুখত পৰিছে বাঘজান অঞ্চলৰ কেইবাটাও পশু-পক্ষীৰ লগতে মাগুৰি-মতাপুং বিলৰ বিৰল প্ৰজাতিৰ দুষ্প্ৰাপ্য শিহু।

    যোৱা বুধবাৰৰ পৰা অহৰহভাৱে নিৰ্গত হৈ থকা খাৰুৱা তেলৰ ফলত প্ৰদুষিত হৈছে মতাপুং বিলৰ লগতে ডিব্ৰু নদীৰ পানী। অইল কৰ্তৃপক্ষই গেছ নিৰ্গমণ বন্ধ কৰাৰ চেষ্টা চলাইছে যদিও ৩৬ ঘন্টা অতিক্ৰম কৰাৰ পিছতো বন্ধ কৰিবলৈ সক্ষম নোহোৱাত ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ জীৱকুলৰ লগতে মানুহৰ প্ৰতিও।

    ইফালে তিনিদিন ধৰি অহৰহ ভাৱে গেছ, তেল নিৰ্গত হৈ থকাৰ ফলত অঞ্চলটোত গছ-বনৰ উপৰিও জমা হৈ থকা পানীসমূহত ভৰি পৰিছে তেল। অন্যহাতে অইল কৰ্তৃপক্ষই শীঘ্ৰে অহৰহ ভাৱে নিৰ্গত হৈ থকা গেছ তেল বন্ধ নকৰিলে গণ আন্দোলনৰো হুংকাৰ প্ৰদান কৰিছে মৰাণ ছাত্ৰ সন্থাই।

    Photo Credit: @keshab-mahanta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং