26 C
Guwahati
Friday, October 7, 2022
More

    টিংখাঙত জন্মৰ ভূৱা প্ৰমান পত্ৰৰ বেহা চলাই ৰঙাঘৰত দুই যুৱক

    যুৱককেইজনে স্বীকাৰ কৰিছে আন কেইবাজনো লোক জড়িত থকাৰ কথা

    টিংখাঙত জন্মৰ প্ৰমান পত্ৰৰ ৰমৰমীয়া বেহা। গ্ৰামাঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ ৰাইজৰ সৰলতাৰ সুযোগ লৈ এচাম অসাধু লোকে জন্মৰ ভূৱা প্ৰমান পত্ৰৰ বেহা চলাইছে ঠায়ে ঠায়ে। টিংখাঙত জন্মৰ ভূৱা প্ৰমাণ পত্ৰৰ বেহা চলাই গ্ৰেপ্তাৰ দুই যুৱক।

    ধৃত যুৱকদুজন হৈছে ক্ৰমে আজিজবাগ চাহ বাগিচাৰ ধনু মোদী আৰু উমাতাৰা চাহ বাগিচাৰ কৃষ্ণ মোদী। দুয়ো ধৃতই জন্মৰ প্ৰমান পত্ৰ উলিয়াই দিয়াৰ বাবদ ১২০০(বাৰশ) টকাকৈ সংগ্ৰহ কৰি আহিছিল। টিংখাঙৰ ঔগুৰি গাঁওত কেইজনমান লোকক এনে প্ৰমান পত্ৰ দিবলৈ অহাৰ সময়ত সন্দেহ ওপজাত স্থানীয় ৰাইজে সোধা-পোচা কৰোতেই ওলাই পৰে উৰহিৰ ওৰ।

    স্থানীয় ৰাইজে উত্তম মধ্যম দিয়াৰ পিছত টিংখাং আৰক্ষীক গতাই দিয়ে দুইযুৱকক। আনহাতে,যুৱককেইজনে স্বীকাৰ কৰিছে আন কেইবাজনো লোক জড়িত থকাৰ কথা। আৰক্ষীয়ে যুৱককেইজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪৬৬/৪৬৮/৪৭১/৩৪ ধাৰাৰ অধিনত গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

    Photo Credit: Dipak Gogoi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং