31 C
Guwahati
Wednesday, September 28, 2022
More

    TIME8লৈ আগবঢ়োৱা হৈছে ডিজিটেল ক্ৰান্তি এৱাৰ্ড

    উত্তৰ-পূবৰ নাম্বাৰ ৱান নিউজ পৰ্টেল TIME8-এ আগবঢ়োৱা অবদানৰ বাবে গুৱাহাটীৰ এক অনুষ্ঠানত প্ৰদান কৰা হয় ডিজিটেল ক্ৰান্তি এৱাৰ্ড

    ডিজিটেল মাধ্যমৰ ক্ষেত্ৰত TIME8-এ আগবঢ়োৱা অবদানৰ বাবে গুৱাহাটীৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত TIME8ক প্ৰদান কৰা হয় ডিজিটেল ক্ৰান্তি এৱাৰ্ড। উত্তৰ-পূবৰ নাম্বাৰ ৱান নিউজ পৰ্টেল TIME8ক ইণ্ডিয়ান ইনষ্টিটিউট অব বেংকিং এণ্ড ইনফৰমেচন টেকনলজী চমুকৈ (আইআইবিআইটি)-এ প্ৰদান কৰে এই সন্মান।

    বঁটা প্ৰদান অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক, বিশিষ্ট অভিনেত্ৰী ইনু বৰুৱা, মেঘৰঞ্জনী মেধিৰ লগতে উপস্থিত থাকে আন বহু বিশিষ্ট ব্যক্তিও। TIME8ৰ জেনেৰেল মেনেজাৰ নীলোত্পল দত্তই গ্ৰহণ কৰে প্ৰতিষ্ঠানটোলৈ আগবঢ়োৱা ডিজিটেল ক্ৰান্তি এৱাৰ্ড।

    লগতে ক্ৰীড়া ক্ষেত্ৰত অসমৰ বাবে বহু সুনাম কঢ়িয়াই অনাৰ বাবে সাঁতোৰবিদ এলভিছ আলী হাজৰিকালৈ য়ুথ আইকন এৱাৰ্ড আৰু কেইমাহ মান পূৰ্বে প্ৰকৃতিৰ বাধাক নেওচি ধাৰাসাৰ বৰষুণত তিতি-বুৰিও নিজৰ দায়িত্ব পালনত ব্যস্ত থকা যান-বাহন আৰক্ষীৰ কনিষ্টবল মিথুন দাসক আগবঢ়ায় সাহসিকতাৰ বঁটা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং