22 C
Guwahati
Saturday, November 27, 2021
More

    আজব কাণ্ড, জলসম্পদ বিভাগৰ অধীনস্থ নহয় টিহু আৰু বুঢ়াদিয়া নৈ!

    টিহু আৰু বুঢ়াদিয়া নৈ বাঢ়নী পানীৰ ফলত বানৰ কবলত পৰিছে বৰপেটা আৰু নলবাৰী জিলাৰ বিস্তীৰ্ণ অঞ্চল৷

    ইতিমধ্যে নৈ দুখনৰ বাঢ়নি পানীত টিহু লচিমা পথ ডুব যোৱাৰ লগতে পাৰাহকুছি, বতিয়া, কেন্দুবাৰী, কালাতলি, লখোপুৰ, বৰবিলা, চাৰাবিল আদি গাঁওসমূহ বানৰ কবলত পৰিছে৷

    যাৰ বাবেই বানৰ কবলত পৰা গাঁওসমূহৰ লোকসকলৰ লগতে গোধন আৰু পোহনীয়া জীৱজন্তু খাদ্যৰ সংকটত পৰিছে৷

    টিহু আৰু বুঢ়াদিয়া নৈৰ পানীয়ে প্ৰতিবছৰে বৰপেটা আৰু নলবাৰীৰ বৃহৎ অঞ্চলৰ ৰাইজক ক্ষতিগ্ৰস্ত কৰি আহিছে যদিও এইক্ষেত্ৰত বানৰ কবলৰ পৰা জিলা দুখনৰ ৰাইজক উদ্ধাৰৰ নাই কোনো পথ৷

    চৰকাৰী মেৰপেচৰ বাবেই টিহু আৰু বুঢ়াদিয়া নৈপৰীয়া গাঁওসমূহৰ ৰাইজ বানৰ কবলৰ পৰা উদ্ধাৰৰ নাই কোনো আশা৷

    চৰকাৰী তথ্য অনুসৰি টিহু আৰু বুঢ়াদিয়া নৈ দুখন জলসম্পদ বিভাগৰ অধীনস্থ নহয়৷

    ফলত বান সমস্যাৰ সমাধান আৰু প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰিব নোৱাৰে কোনো আঁচনি ৷

    যাৰ ফলত প্ৰতিবছৰে এটাৰ পিচত আনটো বানত ক্ষতিগ্ৰস্ত হ’বলগা হয় নৈপৰীয়া জিলা দুখনৰ গাঁওবাসী ৷

    বিগত বছৰত বানৰ পিচত ক্ষয় ক্ষতিৰ বুজ ল’বলৈ অহা কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰি স্থানীয় গাঁওবাসীয়ে নৈ দুখন জলসম্পদ বিভাগৰ অধীনলৈ নিয়াৰ বাবে দাবী জনাইছিল।

    যদিও আজি পৰ্যন্ত সমস্যাৰ কোনো সমাধান নহ’ল ৷

    জলসম্পদ বিভাগৰ অধীনস্থ নোহোৱাৰ বাবেই টিহু আৰু বুঢ়াদিয়া নৈপৰীয়া ৰাইজে ভোগ কৰি অহা বান সমস্যাৰ সমাধান নহ’বনে কোনোদিনে? এয়াই ৰাইজৰ প্ৰশ্ন ৷

    Photo Credit: @maidulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং