20 C
Guwahati
Saturday, January 29, 2022
More

    ৬ বজাত বুকিং আৰম্ভ হোৱাৰ লগে লগে পুনৰ একেই সমস্যা, খোল খোৱা নাই IRCTCৰ ৱেৱছাইট

    দৰাচলতে ৪ বজাৰ লগে লগে যাত্ৰীসকলে টিকট বুকিং কৰিবলৈ ধাৰাবাহিকভাৱে IRCTCৰ ৱেবছাইট খোলাৰ চেষ্টা চলাই আছে। ইফালে খোল খোৱা নাই IRCTCৰ এপো

    প্ৰায় ৪৮ দিনৰ পিছত সাধাৰণ যাত্ৰীৰ বাবে ১২ মে’ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব ৰে’ল সেৱা। ৰে’লৰ টিকটৰ বুকিং ১১ মে’ আবেলি ৪ বজাৰ পৰা আৰম্ভ হৈ গৈছে, কিন্তু যাত্ৰীসকলে টিকট বুকিং কৰিব পৰা নাই। IRCTCৰ ৱেৱছাইট খোল খোৱা নাই।

    দৰাচলতে ৪ বজাৰ লগে লগে যাত্ৰীসকলে টিকট বুকিং কৰিবলৈ ধাৰাবাহিকভাৱে IRCTCৰ ৱেবছাইট খোলাৰ চেষ্টা চলাই আছে। ইফালে খোল খোৱা নাই IRCTCৰ এপো। যাৰ বাবে যাত্ৰীসকলে টিকট বুকিং কৰাত সমস্যাৰ সন্মুখীন হৈছে। কিন্তু ৰে’ল মন্ত্ৰালয়ে জনোৱা অনুসৰি সন্ধিয়া ৬ বজাত পুনৰ বুকিং আৰম্ভ হৈ যাব, তেতিয়া কোনোধৰণৰ সমস্যা নহয়।

    যাত্ৰীসকলৰ অসুবিধাক লৈ দুখঃপ্ৰকাশ কৰি ৰে’লৱে ক’লে যে বিশেষ ৰে’লসমূহৰ লগত জড়িত তথ্য IRCTCৰ ৱেবছাইটত ফীড কৰোৱা হৈ আছে। যাৰ বাবে টিকট বুকিঙৰ সুবিধা শীঘ্ৰে উপলব্ধ হ’ব। যাত্ৰীসকলৰ অসুবিধাক লৈ দুখঃপ্ৰকাশ কৰি ৰে’লৱে ক’লে যে বিশেষ ৰে’লসমূহৰ লগত জড়িত তথ্য IRCTCৰ ৱেবছাইটত ফীড কৰোৱা হৈ আছে। যাৰ বাবে টিকট বুকিঙৰ সুবিধা শীঘ্ৰে উপলব্ধ হ’ব।

    ভাৰতীয় ৰে’লৱে মন্ত্ৰালয়ে জনোৱা অনুসৰি ১২ মে’ত ১৫খন ৰে’ল নতুন দিল্লী ৰে’লৱে ষ্টেচনৰ পৰা চলিব। নতুন দিল্লীৰ পৰা যাত্ৰা কৰি এই ৰে’লসমূহ ডিব্ৰুগড়, আগৰতলা, পাটনা, বিলাসপুৰ, ৰাঁচী, ভূৱনেশ্বৰ, ছিকন্দৰাবাদ, বেংগালুৰু, চেন্নাই, তিৰুঅনন্তপুৰম, মডগাঁও, মুম্বাই চেণ্ট্ৰেল, আহমেদাবাদ আৰু জম্মুতৱীলৈ যাব।

    Photo credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং