26 C
Guwahati
Thursday, September 29, 2022
More

    সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত আবকাৰী চোৰাংচোৱা বিভাগৰ ৩ বিষয়া–কৰ্মচাৰী

    ছুম’খনত থকা আবকাৰী পৰিদৰ্শক চামু মাইবংচা আৰু কনিষ্টবল ৰমেন বনজাঙৰ অগ্নিদগ্ধ গৈ থিতাতে মৃত্যু হয়। মহানগৰীৰ হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবত ঘৰ নিহত ৰমেন বনজাঙৰ

    গোলাঘাটৰ মৰঙীসাৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শকসহ নিহত ২জন আহত ৪ জন। টাটা ছুম’ আৰু ডাম্পাৰৰ মাজত মুখা-মুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

    নিহত কনিষ্টবল ৰমেন বনজা

    টাটা ছুম’ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত বাহনৰ ভিতৰতে জ্বলি ভস্মীভূত হয় আবকাৰী চোৰাংচোৱা বিভাগৰ এজন বিষয়া আৰু কনিষ্টবল। দুৰ্ঘটনাৰ পিছতে ৰাজপথতে দপদপকৈ জ্বলি ভস্মীভূত হয় টাটা ছুম’খন। ছুম’খনত থকা আবকাৰী পৰিদৰ্শক চামু মাইবংচা আৰু কনিষ্টবল ৰমেন বনজাঙৰ অগ্নিদগ্ধ গৈ থিতাতে মৃত্যু হয়। মহানগৰীৰ হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবত ঘৰ নিহত ৰমেন বনজাঙৰ।

    বিশেষ অভিযানৰ বাবে যোৰহাট অভিমুখী টাটা ছুম’খনত আছিল আবকাৰী চোৰাংচোৱা বিভাগৰ ৬জন বিষয়া–কৰ্মচাৰী। মৰঙী সাৰৰ গাঁৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা আবকাৰী বিভাগৰ চোৰাংচোৱা দলটোৰ AS 01 DJ 0801 নম্বৰৰ টাটা ছুম’ আৰু বিপৰীতমুখী NL 05 G 1049 নম্বৰৰ ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত টাটা ছুম’খন জ্বলি ছাই হয়।

    আবকাৰী চোৰাংচোৱা বিভাগৰ আন চাৰিজন ক্ৰমে হৰেকৃষ্ণ কুমাৰ, সুন্দৰ বৰি, টানু ইনজাল আৰু জাহিদুল হক গুৰুতৰভাৱে আহত হৈ বৰ্তমান গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আটাইকেইজনৰে অৱস্থা সংকটজনক। ঘটনাস্থলীৰ পৰা ডাম্পাৰখনৰ চালক, হেণ্ডিমেনৰ পলায়ন।

    একাংশই অভিযোগ কৰা অনুসৰি, অবৈধভাৱে সৰবৰাহ হৈ থকা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ’ল এইসকল আবকাৰী বিষয়া–কৰ্মচাৰী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং