23 C
Guwahati
Thursday, October 28, 2021
More

    মাইক্ৰ’ফাইনেঞ্চৰ বলি হৈ আত্মহত্যা কৰা মহিলাৰ ন্যায় বিচাৰি প্ৰতিবাদ শ শ মহিলাৰ

    এজাহাৰ দাখিল কাৰ্যালয়ৰ শাখা পৰিচালক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে

    ৰাজ্যজুৰি অব্যাহত আছে মাইক্ৰ’ফাইনেঞ্চৰ লুণ্ঠনৰাজ। মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে লখিমপুৰত ওলাই আহিল শ শ মহিলা। সহজ-সৰল গৃহিণী সকলক লোণ দিয়াৰ প্ৰলোভনেৰে বহু লক্ষাধিক টকা লুণ্ঠন নৰ্থইষ্ট ডেভল’পমেন্ট ওৱেলফেয়াৰ ছচাইটি নামৰ কোম্পানীটোৰ।

    মাইক্ৰ’ফাইনেঞ্চৰ বলি হৈ বহু মহিলাই আত্মহত্যা কৰাৰ লগতে মহিলা সকলে হোৱা লুণ্ঠন আৰু নিৰ্যাতনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়তে পুণৰ লখিমপুত সক্ৰিয় হৈ পৰিছে এই প্ৰতিবাদ।

    ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম অমান্য কৰি একাংশ অখ্যাত বহিৰাগত ব্যক্তিয়ে নিতৌ চলাইছে লুণ্ঠনৰাজ। লখিমপুৰত কেইবাশ পুৰুষ-মহিলাই ঘেৰাও কৰিলে লখিমপুৰৰ খেলমাটিস্থিত নৰ্থইষ্ট ডেভল’পমেন্ট ওৱেলফেয়াৰ ছচাইটিৰ কাৰ্যালয়। লগতে দাখিল কৰিলে এজাহাৰ কাৰ্যালয়ৰ শাখা পৰিচালক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে।

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং