বস্ত্ৰ নগৰী শুৱালকুছিৰ ধৰ্মীয় স্থানত ধাৰাবাহিকভাৱে চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। শুকুৰবাৰে নিশা দুখনকৈ ঐতিহাসিক সত্ৰ মন্দিৰত চোৰে চলালে চাফাই অভিযান। দুৱাৰৰ তলা ভাঙি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি চোৰে সকলো সামগ্ৰী লুটি লৈ যায়।
ন পাৰাৰ শ্ৰীশ্ৰী শিশু গোপাল সত্ৰৰ পৰা চোৰে লুটিলে সোণৰ বাঁহী আৰু সকলো আ-অলংকাৰ। ইফালে দামোদৰদেৱ মন্দিৰৰ পৰা প্ৰণামী ভাঙি লৈ যায় মন্দিৰৰ টকা। শুৱালকুছি আৰক্ষীৰ চূড়ান্ত নিষ্ক্ৰিয়তাৰ বাবেই ধাৰাবাহিকভাৱে ধর্মীয় স্থানত চোৰে চলাই লুট-পাত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।