ডিমৌত এইবাৰ চোৰৰ লক্ষ্য মন্দিৰ-মছজিদৰ দানপাত্ৰ। বৃহস্পতি বাৰে চোৰে দুটা মছজিদ আৰু এটা মন্দিৰৰ দানপাত্ৰ ভাঙি লুটি লৈ গ’ল লক্ষাধিক টকাৰ মূল্যৱান সামগ্ৰী। চোৰে ডিমৌ শান্তিপুৰ ৰাধা কৃষ্ণ মন্দিৰত প্ৰৱেশ কৰি দানপাত্ৰ ভাঙি কেইবা হাজাৰ টকা লুট কৰি লৈ যায়।
এই চুৰি ঘটনা মন্দিৰৰ পূজাৰী গৰাকীয়ে প্ৰত্যক্ষ কৰিছিল যদিও চোৰটোৱে হাতত চোকা অস্ত্ৰ লৈ থকা বাবে চিঞৰ বাখৰ নকৰিলে বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি সমীপৰে দিখাৰী সদৰ মছজিদ আৰু দিহাজান জামে মছজিদৰ দুৱাৰ ভাঙি চোৰে দানপাত্ৰৰ পৰা প্ৰায় পঞ্চাশ হাজাৰ টকা লুট কৰি নিয়াৰ উপৰি চোৰে দিহাজান জামে মছজিদৰ ষ্টীলৰ দানপাত্ৰটোকে উঠাই লৈ যায়।
চোৰকেইটাই ব্যৱহাৰ কৰা এখন চাইকেল দিহাজান জামে মছজিদৰ কাষতে এৰি থৈ গৈছে। ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে ডিমৌ আৰু মৰাণ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।