19 C
Guwahati
Saturday, November 26, 2022
More

    হাইলাকান্দিত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত চোৰ, কাগজ কলত চুৰি কৰিবলৈ সোমাইছিল

    নিহত চোৰটো কৰিমগঞ্জৰ দক্ষিণ বদৰপুৰৰ মণিৰ উদ্দিন। দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা

    হাইলাকান্দিত পাঁচগ্ৰাম কাগজ কলৰ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা চোৰ। নিহত চোৰটো কৰিমগঞ্জৰ দক্ষিণ বদৰপুৰৰ মণিৰ উদ্দিন। দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা। বন্ধ কাগজ কলৰ ভিতৰত চুৰি কৰিবলৈ সোমাইছিল এটা চোৰৰ দল।

    ৬–৭ জনীয়া চোৰৰ দলটোৰ হাতত থকা মাৰণাস্ত্ৰৰে কাগজ কলটোৰ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিছিল। প্ৰত্যুত্তৰত নিৰাপত্তৰক্ষীয়েও চলাইছিল গুলী। গুলীচালনাত নিহত হয় দলটোৰ এটা চোৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং