30 C
Guwahati
Sunday, September 25, 2022
More

    ৰঙাপৰাৰ কালী মন্দিৰত চুৰিকাণ্ড; চোৰে লুটি লৈ গ’ল ৰূপৰ মুকুট

    ঘটনা সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে ৰঙাপৰা আৰক্ষী থানাত অৱগত কৰে আৰু আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে

    দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ কালী মন্দিৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৰঙাপৰাৰ ১নং ৱাৰ্ডত অৱস্থিত ঐতিহাসিক কালী মন্দিৰত চোৰে প্ৰৱেশ কৰে। পিছত চোৰে মন্দিৰৰ দুৱাৰৰ তলা ভাঙি দেৱী কালী প্ৰতিমাৰ শিৰত থকা ৰূপৰ মুকট, সোণৰ কানফুলি আৰু নাকত থকা নাকফুলি লৈ যায়।

    আজি পুৱা পূজাৰী সুৰেশ ভট্টাচাৰ্যই মন্দিৰলৈ যোৱাৰ পিছতহে চুৰিকাণ্ডৰ ঘটনাৰ পোহৰলৈ আহে। মন্দিৰত চুৰি হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইফালে ঘটনা সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে ৰঙাপৰা আৰক্ষী থানাত অৱগত কৰে আৰু আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং