15 C
Guwahati
Saturday, January 15, 2022
More

    লকডাউনৰ মাজতে বকোৰ বিজেপি কাৰ্যালয়ত চুৰিকাণ্ড

    বিতৰণৰ বাবে মজুত কৰি ৰখা খাদ্য সামগ্ৰী চোৰে লুটি লৈ যায়

    অব্যাহত আছে ৪০ দিনীয়া লকডাউন। লকডাউনৰ সময়ছোৱাতে বকোৰ বিজেপি কাৰ্যালয়ত দেওবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। দুৱাৰৰ তলা ভাঙি চোৰ প্ৰৱেশ কৰে বিজেপিৰ কাৰ্যালয়ত। বিতৰণৰ বাবে মজুত কৰি ৰখা খাদ্য সামগ্ৰী চোৰে লুটি লৈ যায়।

    বকোৰ মালাং, হাহিমত বিতৰণৰ বাবে মজুত কৰি ৰাখিছিল খাদ্য সামগ্ৰীসমূহ। প্ৰায় ২০০টা টোপোলা চোৰে লৈ যায়। কাৰ্যালয়টোত থকা গেছ চিলিণ্ডাৰো চোৰে লৈ যায়। ঘটনাসন্দৰ্ভত বকো আৰক্ষীক অৱগত কৰে কাৰ্যালয়টোৰ কৰ্মীয়ে। বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

    Photo: Time8

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং