ৰাজ্যত দিনকদিনে বৃদ্ধি পাইছে ধৰ্মীয় স্থান সমূহত চুৰিকাণ্ডৰ ঘটনা। পুনৰ ধৰ্মীয় স্থানত চোৰে চলালে লুটপাত। নলবাৰীৰ ভদ্ৰাত নিশা মন্দিৰত চুৰি।
ভদ্ৰা গাঁৱৰ প্ৰদীপ বেজবৰুৱাৰ ঘৰৰ ব্যক্তিগত গোপাল মন্দিৰৰ পৰা নিশা তলা ভাঙি সোণৰ গোপাল মূৰ্তিসহ সোণৰ কাণফুলি, ৰূপৰ চেইন চুৰি কৰি উধাও হয় চোৰ।
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাৰ নিশা চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে গোপাল মন্দিৰটোত থকা সোণৰ মূৰ্তিটোৰ ওজন প্ৰায় ৩৫০ গ্ৰাম। বৰ্তমান ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Photo Credit:@hirakdeka