ৰূপহীহাটত চোৰৰ লুটপাত। ৰূপহীহাটৰ বাটমাৰীত চোৰে চলালে চাফাই অভিযান। পিছে চোৰে চুৰি কৰিবলৈ আধুনিক কৌশল প্ৰয়োগ কৰা নাই। সাতামপুৰুষীয়া সিন্ধি কৌশল ব্যৱহাৰ চোৰৰ।
ৰছিদুল হকৰ ঘৰত সিন্ধি খান্দি চোৰে লুটি নিলে ডেৰ লক্ষাধিক টকাৰ সামগ্ৰী। অনায়াসে এজন সোমাই যাব পাৰে এই গাঁতেৰে। এই সন্দৰ্ভত আৰক্ষীত গোচৰ তৰিছে ভুক্তভোগী পৰিয়ালটোৱে। পিছে বৰ্তমানলৈ চোৰৰ কোনো ধৰণৰ সন্ধান ওলিয়াব পৰা নাই আৰক্ষীয়ে।