26 C
Guwahati
Wednesday, September 28, 2022
More

    মহানগৰীৰ নাৰিকলবস্তিত চুৰিকাণ্ড, আধা ঘণ্টাতে সকলো সামগ্ৰী চাফাই চোৰৰ

    নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই চুৰিকাণ্ড। গোপাল দাস নামৰ ব্যৱসায়ীজনৰ ঘৰত সংঘটিত হয় এই চুৰিৰ ঘটনা

    পূজালৈ মাত্ৰ আৰু কেইটামান দিন। ব্যস্ত হৈ পৰিছে মহানগৰবাসী, ব্যস্ত হৈ পৰিছে চোৰ। শনিবাৰে নিশা নাৰিকলবস্তিত মাত্ৰ আধা ঘণ্টাতে চোৰে চাফাই কৰিলে ঘৰৰ সকলো সা-সামগ্ৰী। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোৰৰ দলে লুটি লৈ যায় আঢ়ৈ লাখ টকাসহ কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰ।

    ভুক্তভোগী পৰিয়ালৰ সদস্য

    মাত্ৰ আধা ঘণ্টাৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই গৈছিল গৃহস্থ আৰু সেই সময়খিনিতে ঘৰৰ খিৰিকী ভাঙি চোৰে চলালে লুটপাত। নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই চুৰিকাণ্ড। গোপাল দাস নামৰ ব্যৱসায়ীজনৰ ঘৰত সংঘটিত হয় এই চুৰিৰ ঘটনা।

    চুৰিকাণ্ড সন্দৰ্ভত পৰিয়ালটোৱে গীতানগৰ থানাত এজাহাৰ দাখিল কৰে। চোৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং