31 C
Guwahati
Saturday, October 1, 2022
More

    লখিমপুৰত গছ কটাক কেন্দ্ৰ কৰি ২ ফৈদৰ সংঘৰ্ষ,গৰ্ভৱতী মহিলাসহ আহত ৪

    গৰ্ভৱতী মহিলাগৰাকীৰ অৱস্থা সংকটজনক

    যিটো সময়ত মহামাৰী কৰ’ণা ভাইৰাছক ৰোধ কৰিবলৈ সমগ্র দেশতে লক ডাউন চলি আছে, তেনে সময়তে মাৰাত্মক কৰ’ণা আৰু লক ডাউনৰ প্ৰভাৱেই পৰা নাই লখিমপুৰৰ একাংশ ভিতৰুৱা অঞ্চলত। লক ডাউনৰ মাজতে লখিমপুৰত সংঘৰ্ষত লিপ্ত হৈছে দুটা ফৈদ। গছ কটাক কেন্দ্ৰ কৰি ২ ফৈদৰ সংঘৰ্ষ। লখিমপুৰৰ বঙালমৰাৰ ১ নং সোণাপুৰৰ একাংশ দায়িত্বহীন, কাণ্ডজ্ঞান নথকা লোকে গছ কটাক কেন্দ্ৰ কৰি সৃষ্টি কৰিছে সংঘৰ্ষৰ।

    যাৰ ফলত ৪ জনকৈ লোক আহত হৈছে আৰু আহত হোৱা লোকসকলৰ মাজত এগৰাকী গৰ্ভৱতী মহিলাও আছে। যাৰ অৱস্থা বৰ্তমান সংকটজনক বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং