30 C
Guwahati
Friday, September 23, 2022
More

    টিহুত মাখিবাহা সভা মহোৎসৱৰ সুযোগ গ্ৰহণ কৰি কেইবাটাও পৰিয়ালত চোৰৰ লুটপাত

    মাখিবাহা সভাথলীৰ পৰাও চুৰ হয় এখন ই-ৰিক্সা

    টিহুৰ মাখিবাহাত সংঘটিত হয় চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা। মাখিবাহা সভা মহোৎসৱৰ উথপথপ পৰিৱেশৰ মাজতে চোৰে লুটপাট চলাই মাখিবাহাৰ কেইবাটাও পৰিয়ালত। মাখিবাহা অধ্যাপকপাৰাৰ আৰক্ষী বিভাগত কৰ্মৰত হৰেন্দ্ৰ নাথ শৰ্মাৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। সোণৰ আ-অলংকাৰ, বয়-বস্তু, নগদ ধন লুট কৰি নিয়ে চোৰে। সামগ্ৰিকভাৱে প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী লুট কৰে চোৰে। ঘৰত গৃহস্থ নোহোৱাৰ সুযোগ গ্ৰহণ কৰি লুটপাট চলাই চোৰে। গৃহস্থ মাখিবাহা সভা চাবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা।

    চুবুৰীয়া ৰঞ্জন শৰ্মাৰ ঘৰতো চোৰ সোমাই যদিও সামগ্ৰী লুট কৰিবলৈ সক্ষম নহ’ল। আনহাতে মাখিবাহা চৌধুৰীপাৰাৰ মনোজ বৰ্মনৰ ঘৰটো চলাই চোৰে লুটপাট। পিছ পিনৰ দৰ্জা ভাঙি চোৰে চলাই লুটপাত। প্ৰতিষ্ঠিত ব্যৱসায়ী মনোজ বৰ্মনৰ ঘৰৰ পৰা চোৰে নগদ তিনিলাখ টকা আৰু সোণৰ আ-অলংকাৰ লুটি নিয়ে। পৰিয়ালৰ লোকে মাখিবাহা সভাৰ পৰা আহি প্ৰত্যক্ষ কৰে এই ঘটনা।

    আনহাতে চৌধুৰীপাৰাৰ পৰেশ পাঠকৰ ঘৰত চোৰ সোমাই যদিও ভিতৰত পৰেশ পাঠকৰ ভনীয়েক থকাত চোৰ পলাই যায়। এই ঘটনাই সমগ্ৰ অঞ্চল টোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও মাখিবাহা সভাথলীৰ পৰা এখন ই-ৰিক্সাও চুৰ হয়। টিহু আৰক্ষী ঘটনাস্থলীসমূহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং