30 C
Guwahati
Friday, September 23, 2022
More

    ঘৰত গৃহস্থ থকাৰ পিছতো চোৰে লুটি লৈ গ’ল সোণসহ নগদ ধন!ক’ত এই চাঞ্চল্যকৰ ঘটনা?

    প্ৰাঞ্জল বৰদলৈ নামৰ ৰে'ল কৰ্মচাৰীৰ ৰেলৱে আৱাসগৃহত সংঘটিত হয় চুৰিকাণ্ড

    লামডিঙত স্মাৰ্ট চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। ৰাতি নহয় এই বাৰ লামডিঙত দিন দুপৰতে চুৰিকাণ্ড।
    বুধবাৰে দুপৰীয়া লামডিং লাষ্ট কলিনীৰ প্ৰাঞ্জল বৰদলৈ নামৰ ৰে’ল কৰ্মচাৰীৰ ৰে’লৱে আৱাসগৃহত সংঘটিত হয় চুৰিকাণ্ড।

    ঘৰৰ ভিতৰত মানুহ থকা অৱস্থাতে চোৰে চলালে চাফাই অভিযান। ঘৰত থকা গৰ্ডেজৰ পৰা চোৰে লুটি লৈ যায় নগদ ৩০ হাজাৰ টকা সহ ৮ তোলা সোণ। ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লামডিংত দিন দুপৰত চুৰিকাণ্ডৰ ঘটনাত সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হয়।

    Input & Photo: Bappy Malakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং