গোলাঘাট খুমটাইৰ ঐতিহ্যমণ্ডিত চিনাতলী বৰ নামঘৰত চুৰিকাণ্ড। নামঘৰৰ দুটা দান পাত্ৰৰ তলা ভাঙি সেৱকীৰ অৰিহণাৰ ধন লুট। দানপাত্ৰ দুটাত আছিল প্ৰায় ১৫ দিনৰ ধন। নামঘৰৰ পূৱ দিশৰ দুৱাৰেদি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল চোৰ। দুৱাৰখনৰ তলা খুলি থোৱা অৱস্থাত আছিল।

ইফালে নামঘৰৰ বাহিৰত থকা দানপাত্ৰৰ তলা ভাঙি লুট কৰিছিল ধন। উল্লেখ্য যে ইতিমধ্যে ২০০ বছৰ গৰকা ঐতিহাসিক চিনাতলী বৰনামঘৰত এইদৰে সংঘটিত হোৱাত স্থানীয় লোকসকলে উচিত তদন্ত কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে৷ ঘটনাস্থলীত গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক আৰু খুমটাই আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰে।
Photo: Time8