25 C
Guwahati
Thursday, October 21, 2021
More

    উন্নাও ধৰ্ষণ কাণ্ডঃ ধৰ্ষিতা যুৱতীৰ পিতৃৰ হত্যা সন্দৰ্ভত কুলদ্বীপ চেংগাৰক ১০ বছৰৰ কাৰাদণ্ড

    আটাইকেইটা অপৰাধীক আদালতে ১০-১০ বছৰৰ শাস্তি ঘোষণা কৰে। লগতে কুলদ্বীপ সিং চেংগাৰ আৰু ভাতৃ জয়দীপ সিং চেংগাৰে ১০ লাখকৈ জৰিমণা ভৰিব লাগিব

    উন্নাও ধৰ্ষণ কাণ্ডৰ ধৰ্ষিতা যুৱতীৰ পিতৃৰ হত্যা ঘটনা সন্দৰ্ভত দিল্লীৰ এখন আদালতে কুলদ্বীপ সিং চেংগাৰক ১০ বছৰৰ কাৰাদণ্ড বিহে। ৪ মাৰ্চত উন্নাও কাণ্ডৰ ভুক্তভোগী যুৱতীৰ পিতৃক কাষ্টেডী ডেথ সন্দৰ্ভত তীছ হাজাৰী আদালতে কুলদ্বীপ সিং চেংগাৰক দোষী সাব্যস্ত কৰিছিল। ইয়াৰ লগতে ১১টা দোষীৰ ভিতৰত ৪ অপৰাধীক মুকলি কৰি দিয়া হৈছিল আৰু কুলদ্বীপ সিং চেংগাৰসহ ৭টা অপৰাধীক দোষী সাব্যস্ত কৰা হৈছিল।

    আটাইকেইটা অপৰাধীক আদালতে ১০-১০ বছৰৰ শাস্তি ঘোষণা কৰে। লগতে কুলদ্বীপ সিং চেংগাৰ আৰু ভাতৃ জয়দীপ সিং চেংগাৰে ১০ লাখকৈ জৰিমণা ভৰিব লাগিব।

    ন্যায়ধীশে সিদ্ধান্ত শুনাই ক’লে যে ভুক্তভোগীৰ শিৰৰ পৰা পিতৃৰ হাত উঠি গ’ল। এতিয়া পুনৰ ঘৰলৈ উভতি যাব নোৱাৰে। নিজৰ গাঁৱতো যাব নোৱাৰে। ঘৰত ৪টা সন্তান।

    ন্যায়ধীশে সিদ্ধান্ত শুনাই ক’লে যে ভুক্তভোগীৰ শিৰৰ পৰা পিতৃৰ হাত উঠি গ’ল। এতিয়া পুনৰ ঘৰলৈ উভতি যাব নোৱাৰে। নিজৰ গাঁৱতো যাব নোৱাৰে। ঘৰত ৪টা সন্তান। আদালতে ক’লে হত্যা কৰাৰ কোনো উদ্দেশ্য নাছিল কিন্তু ভুক্তভোগীৰ পিতৃক বৰ্বৰতাভাৱে হত্যা কৰা হৈছিল। কুলদ্বীপ সিং চেংগাৰে নিজকে বচাবলৈ দেহে-প্ৰাণে খাটিছিল, কিন্তু CBI-এ চেংগাৰৰ সকলো পৰিকল্পনাত চেঁচা পানী ঢালিলে। ৭ অপৰাধীৰ ভিতৰত চেংগাৰৰ উপৰিও ২জন উত্তৰ প্ৰদেশৰ বিষয়াও আছিল।

    নাবালিকৰ সৈতে কৰা কুকৰ্ম সন্দৰ্ভত আদালতে বিজেপিৰ পৰা বহিষ্কৃত বিধায়ক কুলদ্বীপ সিং চেংগাৰক ২০১৯ৰ ২০ ডিচেম্বৰত আজীৱন কাৰদণ্ড শাস্তি বিহিছিল। ন্যায়িক জিম্মাত মৃত্যু হৈছিল ভুক্তভোগীৰ পিতৃৰ। CBI-এ এই সন্দৰ্ভত কুলদ্বীপ সিং চেংগাৰসহ অন্য কেইবাজনো লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হয়।

    Photo credit: newsroompost.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং