26 C
Guwahati
Friday, March 24, 2023
More

    চৰি ফুৰা গৰু চুৰ কৰিব ধৰোতেই হাতে লোটে ধৰা পৰিল চোৰ

    এইবাৰ নিশা ঘৰৰ পৰা নহয় দিনৰ পোহৰতে পথাৰৰ পৰাই গৰু চুৰ কৰি নিয়াৰ চেষ্টা গৰু চোৰৰ পিছে কাৰ্যসিদ্ধি ন'হল চোৰৰ

    নগাঁও জিলাৰ জুৰীয়া সুতিৰপাৰত হাতে লোটে ধৰা পৰিল এটা গৰু চোৰ। দিনৰ পোহৰতে চুৰি কৰিব লৈছিল গৰু।

    লাওখোৱা অভয়াৰণ্যৰ মুকলি ঠাইত চৰি ফুৰাৰ পৰা গৰু আনি গাড়ীত তুলি উধাও হবলৈ লওঁতেই ৰাইজৰ হাতত ঘৰা পৰিল এটা গৰু চোৰ।

    ৰাইজে চোৰটো আটক কৰি চমজাই দিয়ে জুৰিয়া আৰক্ষীক। উল্লেখ্য যে, প্ৰতিদিনে নগাঁও জিলাৰ জুৰীয়াত চলিছে গৰু চোৰৰ অত্যাচাৰ।

    এইবাৰ নিশা ঘৰৰ পৰা নহয় দিনৰ পোহৰতে পথাৰৰ পৰাই গৰু চুৰ কৰি নিয়াৰ চেষ্টা গৰু চোৰৰ।

    লাওখোৱা অভয়াৰণ্যৰ গাতে লাগি থকা সুতিৰপাৰৰ সাধাৰণ লোক সকলে দিনৰ ভাগত নিজৰ পোহনীয়া গৰু ম’হ এৰি দিয়ে কাষতে থকা অভয়াৰণ্য খনৰ দিশে।

    দিনৰ ভাগত অভয়াৰণ্য খনত চৰি ফুৰি সন্ধিয়া ঘৰলৈ ওলতি আহে পোহনীয়া জন্তু বোৰ। এইবাৰ চোৰৰ চকু পৰিল এই গৰুৰ ওপৰত।

    পিছে শনিবাৰে শনি লাগিল চোৰৰ গাত। সফল নহয় তাৰ কামত।

    গাড়ীলৈ পথাৰৰ পৰা গৰু চোৰ কৰিব ধৰোতেই হাতে লোটে ধৰা পৰি ৰাইজৰ ঔকিল খাই আৰক্ষী থানাৰ আলহী হ’ব লগা হ’ল চোৰ।

    Photo Credit: @muksidulhoque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং