15 C
Guwahati
Saturday, January 22, 2022
More

    পাকিস্তানৰ বজাৰত জুই; সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্ৱলা-কলা খুৱাইছে ৰাইজক

    পাকিস্তানৰ আৰ্থিক পৰিস্থিতি কিমান ভয়ংকৰ হৈ পৰিছে সেয়া প্ৰমাণ কৰিছে বিলাহীৰ মূল্যই

    ভয়ংকৰ আৰ্থিক সংকটত ভোগা পাকিস্তানত মূল্যবৃদ্ধিয়ে ইতিমধ্যে ৰেকৰ্ড ভংগ কৰিছে। মূল্যবৃদ্ধিৰ সন্ত্ৰাস বিয়পিছে পাকিস্তানী লোকসকলৰ মাজত। গাখীৰ, দৈ আৰু মাংস বাদেই দৈনন্দিন ব্যৱহৃত সাধাৰণ শাক-পাচলিৰো হৈছে জুই ছাই দাম। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ৫১ বিধ সামগ্ৰীৰ ভিতৰত ৪৩ বিধ সামগ্ৰীৰে মূল্য বিগত বছৰত বৃদ্ধি হোৱা দামৰ তুলনাত বিগত এটা সপ্তাহতে ২৮৯ শতাংশ বৃদ্ধি হৈছে।

    পাকিস্তানৰ আৰ্থিক পৰিস্থিতি কিমান ভয়ংকৰ হৈ পৰিছে সেয়া প্ৰমাণ কৰিছে বিলাহীৰ মূল্যই। বৰ্তমান পাকিস্তানত প্ৰতি কেজি বিলাহী বিক্ৰী হৈছিল ২০০ৰ পৰা ৩০০টকালৈ। ইফালে সাধাৰণতে কম মূল্যত বিক্ৰী হোৱা বন্ধা কবিয়ে অতিক্ৰম কৰিছে কেজিত ১৫০ টকা। সেইদৰে এক কেজি আদা কিনিবলৈ লাগিব খমখমীয়া ৫০০ টকীয়া নোটখন। তেনেদৰে প্ৰতি কেজি পিঁয়াজৰ মূল্য ২০০ টকা আৰু এক কেজি চেনিয়ে চুইছে ৯০ ঘৰ।

    প্ৰথমবাৰৰ বাবে পাকিস্তানৰ ইতিহাসত এই ঘটনা সংঘটিত হৈছে। কৰাচীত বিলাহীৰ মূল্যই চুইছে ৩০০ৰ ঘৰ। সেই একেদৰে ফলৰ বজাৰতো লাগিছে জুই। বেলুচিস্তানৰ ৰাজধানী কুৱেয়াত প্ৰতি কেজি অমিতা বিক্ৰী হৈছে ১৬০ টকাত। এক দৰ্জন কলৰ বাবে ভৰিব লাগিব ১০০টকাতকৈও অধিক। আপেল, নাচপতি, ডালিমৰো সেই একে অৱস্থা। সমস্যা কেৱল নিৰামিষভোজীসকলৰে নহয়। মাছ-মাংস খোৱা লোকসকলৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে। প্ৰতিকেজি ছাগলীৰ মাংস এতিয়া বিক্ৰী হৈছে ৯০০ টকাত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং