ৰাজ্যত পুনৰ বৃদ্ধি পালে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। এইবাৰ বঙাইগাঁও জিলাৰ শালমৰাত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি।
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে সদৰী কৰিছে এই কথা। দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰা এজনৰ সংস্পৰ্শলৈ আহিছিল কিশোৰীগৰাকী।

কৰ’ণাৰ এই পজিটিভ ঘটনাৰে বৰ্তমান অসমত মহামাৰী কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩৬লৈ।অসমত এতিয়া ৮জনক কৰ’ণাৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে।বাকী কেইজন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ।
Photo Credit: genengnews.com