15 C
Guwahati
Tuesday, January 25, 2022
More

    অৱশেষত সেও মানিলে শিক্ষা মন্ত্ৰীয়ে, ৰান্ধনী-সহায়িকাৰ সন্থাৰ দাবী মানিবলৈ হ’ল বাধ্য

    এই প্ৰতিশ্ৰুতিৰ পিছতে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীয়ে। আলোচনা বিফল হ'লে ১৪ নৱেম্বৰত জনতা ভৱনৰ সন্মুখত আমৰণ অনশন কৰাৰ হুংকাৰ ৰান্ধনীসকলৰ

    ৰান্ধনী-সহায়িকা সন্থাৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখত কিছু পৰিমানে সেও মানিলে চৰকাৰ আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। বুধবাৰে পুৱা ১১ বজাত ৰান্ধনী সন্থাৰ সৈতে বৈঠকত বহিব শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। শিক্ষা বিভাগৰ বিষয়াই আহি লিখিত প্ৰতিশ্ৰুতি দিলে কাইলৈ মন্ত্ৰী আলোচনাত বহিব বুলি।

    এই প্ৰতিশ্ৰুতিৰ পিছতে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীয়ে। আলোচনা বিফল হ’লে ১৪ নৱেম্বৰত জনতা ভৱনৰ সন্মুখত আমৰণ অনশন কৰাৰ হুংকাৰ ৰান্ধনীসকলৰ।

    ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদ

    উল্লেখ্য যে মহানগৰীৰ উলুৱাৰীত মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীয়ে উত্তা প্ৰতিবাদ সাব্যস্ত কৰিছিল। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰান্ধনী-সহায়িকাই। NGOক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল শ শ ৰন্ধন কৰ্মীয়ে। শিক্ষা মন্ত্ৰীয়ে লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছিল প্ৰতিবাদকাৰীসকলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং