21 C
Guwahati
Sunday, October 24, 2021
More

    ৰাজ্যত হৈ থকা হানি ট্ৰেপিঙৰ নায়িকা উষা বেগমক খেদি-খেদি গ্ৰেপ্তাৰ আৰক্ষীৰ

    ষ্টিং অপাৰেশ্যনত ফাদিল হৈছিল উষা বেগমে কিদৰে চক্ৰান্ত ৰচনাৰে জালত পেলাই পুৰুষ আৰু যুৱক সকলক

    উজনি অসমৰ শিৱসাগৰ জিলা হানি ট্ৰেপিঙৰ মূল ঘাটি আৰু ইয়াৰ লগত আৰক্ষী জড়িত বুলি বাতৰি প্ৰকাশৰ পিছতে শিৱসাগৰ আৰক্ষীৰ ভিতৰচ’ৰাত কঁপনি। লগে লগেই গ্ৰেপ্তাৰ হানি ট্ৰেপিঙৰ মূল পৰিকল্পনাকাৰী উষা বেগমক।

    শিৱসাগৰ সদৰ আৰক্ষী থানাত জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই উষা বেগমক চলাইছে জেৰা। উল্লেখ্য যে ৰংপুৰ ইনিছেয়িটিভ নামৰ অনুষ্ঠানৰ দুজন কৰ্মীয়ে চলাইছিল এক ষ্টিং অ’পাৰেশ্যন।

    ষ্টিং অপাৰেশ্যনত ফাদিল হৈছিল উষা বেগমে কিদৰে চক্ৰান্ত ৰচনাৰে জালত পেলাই পুৰুষ আৰু যুৱক সকলক। এই ষ্টিং অ’পাৰেশ্যনৰ সময়তে উষা বেগমে নাম লৈছিল একাংশ আৰক্ষী বিষয়া আৰু শ্বেপ নামৰ এনজিঅ’ৰ নাম। শ্বেপৰ সদস্যা উষা বেগমে দীৰ্ঘদিনে জিলা খনত চলাইছিল হানি ট্ৰেপিং চক্ৰ।

    এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিছতে খলকনিৰ সৃষ্টি হৈছিল শিৱসাগৰ আৰক্ষীৰ ভিতৰচ’ৰাত। অৱশেষত AS 04 Q 8755 নম্বৰৰ স্কুটিৰে পলায়ন কৰা অৱস্থাত শিৱসাগৰ আৰক্ষীয়ে খেদি খেদি বেতবাৰীৰ পৰা কৰায়ত্ব কৰে উষা বেগমক। লগতে উষা বেগমৰ স্কুটিখনো জব্দ কৰিছে আৰক্ষীয়ে।

    Photo Credit: Sanjay Pareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং