15 C
Guwahati
Friday, January 28, 2022
More

    নাওবৈচা কাণ্ডৰ আৰক্ষী আক্ৰমণৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ

    যোৱা ৩০ এপ্ৰিলৰ সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা

    নাওবৈচাৰ দক্ষিণ পানধোৱা কুৱেটৰ মছজিদ চৌহদত সংঘটিত হোৱা আৰক্ষী আক্ৰমণ ঘটনাৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ। ঠিকাদাৰ আনাৰুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ। সম্প্ৰতি উত্তৰ লখিমপুৰ সদৰ আৰক্ষীৰ জিম্মাত ধৃত আনাৰুল।

    উল্লেখ্য যে লক ডাউনৰ মাজত দক্ষিণ পানধোৱাৰ কুৱেইটৰ বজাৰত আনাৰুল ইছলামক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিচতেই সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতিৰ। একাংশ লোকৰ শিলাবৰ্ষণত আহত হৈছিল নাওবৈছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ নাথ, দুগৰাকী CISF জোৱান সহ এগৰাকী গাওঁবুঢ়া।

    যোৱা ৩০ এপ্ৰিলৰ সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা। যোৰহাট জিলাৰ নাওবৈচাত সংঘটিত হৈছিল এই অপ্ৰীতিকৰ পৰিস্তিতি। কিছু লোকে সকডাউন অমান্য কৰাৰ বাবেই আৰক্ষীয়ে প্ৰহাৰ কৰিছিল আৰু তেতিয়াই এই ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰে।

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং