19 C
Guwahati
Sunday, November 27, 2022
More

    Breaking: গোৱালপাৰাত জাতীয় পতাকাক অপমান প্ৰধান শিক্ষয়িত্ৰীৰ

    প্ৰধান শিক্ষয়িত্রীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী তুলিলে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে

    গোৱালপাৰাত জাতীয় পতাকাক চূড়ান্ত অপমান। গোৱালপাৰা হেলাপাখিৰী টিলাপাৰা প্ৰাথমিক বিদ্যালয়ত উত্তোলন নহ’ল জাতীয় পতাকা।

    বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিমাশ্ৰী দাসৰ অৱহেলাৰ বাবেই অৱহেলিত হৈ থাকিল ৭১ সংখ্যক গণৰাজ্য দিৱসৰ জাতীয় পতাকা। পুৱাৰে পৰাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীগৰাকীয়ে বোন্দাপৰ দি বহি থাকিলেও প্ৰধান শিক্ষয়িত্ৰীহে উপস্থিত নহ’ল।

    জাতীয় পতাকাক চূড়ান্ত অপমান কৰা প্ৰধান শিক্ষয়িত্রীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী তুলিলে স্থানীয় অভিভাৱকসকলে। হেলাপাখিৰী অঞ্চলৰ স্থানীয় যুৱক জাকিৰ হুছেইনে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

    Photo Credit: The Statesman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং