27 C
Guwahati
Monday, November 29, 2021
More

    পৰীক্ষা বেয়া হোৱাৰ ভয়ত দিখৌ নৈত জাঁপ দিয়া যুৱতী ৰহস্যজনকভাবে সোশৰীৰে উপস্থিত

    যুৱতীগৰাকীৰ সন্ধানত কালি পুৱাৰ ভাগৰ পৰাই জিলা প্ৰশাসনৰ এছডিআৰএফ বাহিনীয়ে দিখৌ নদীত অভিযান চলাইছিল

    কালি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফ বেয়া হোৱাৰ ভয়ত শিৱসাগৰৰ দিখৌ নদীত এগৰাকী যুৱতীয়ে জাঁপ দিছিল বুলি সকলোৱে সন্দেহ কৰিছিল।

    পিছে সেই ১৮ বছৰ বয়সীয়া যুৱতী গৰাকীক কালি নিশাই যোৰহাটত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

    যোৰহাট আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি নিশা ৮.৩০ মান বজাত যোৰহাট মেডিকেল কলেজৰ পৰা অভিভাৱকহীন এগৰাকী যুৱতীৰ সম্ভেদ লাভ কৰিছিল।

    সেই সম্ভেদ লাভৰ পাছত যোৰহাট আৰক্ষীয়ে প্ৰাথমিক সোধাপোছ কৰি যুৱতী গৰাকী শিৱসাগৰৰ বুলি নিশ্চিত হয়।

    অৱশ্যে মানসিক চাপত থকা যুৱতী গৰাকী কিদৰে যোৰহাট মেডিকেল কলেজ উপস্থিত হ’ল সেই সন্দৰ্ভত সৱিশেষ লাভ কৰা নাই আৰক্ষীয়ে।

    বৰ্তমানে যুৱতীগৰাকী ভোগদৈ আৰক্ষী চকীত ৰখা হৈছে।

    ইতিমধ্যে শিৱসাগৰ সদৰ থানাৰ পৰা আৰক্ষীৰ দল পৰিয়ালৰ লোকৰ সৈতে ছোৱালীজনীক জিম্মাত লৈ শিৱসাগৰ লৈ আনিবলৈ যোৰহাটলৈ বুলি ৰাওনা হৈছে।

    উল্লেখযোগ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা যুৱতীগৰাকী কালি পুৱা প্ৰায় ৫.০০ বজাত শিৱসাগৰ নগৰৰ হাস্পতাল ৰোড স্থিত নিজৰ ঘৰৰ পৰা অকলে ওলাই গৈছিল।

    আৰক্ষীয়ে দিখৌ দলঙত যুৱতী গৰাকীৰ চেণ্ডলৰ লগতে ঘৰৰ পৰা এই সন্দৰ্ভত উদ্ধাৰ কৰিছিল এক আত্মহত্যাৰ টোকা।

    যোৱা বাৰ পৰীক্ষাত উতীৰ্ণ হব নোৱাৰা ৰজনীয়ে এইবাৰো পৰীক্ষাত উতীৰ্ণ হব নোৱাৰাৰ ভয় আৰু লাজত এনে পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰিছিল পৰিয়ালৰ লোক তথা আৰক্ষীয়ে।

    শিৱসাগৰ নগৰৰ হাস্পতাল ৰোডৰ নিৱসী উমা শংকৰ শ্বাহ আৰু কুসুম দেৱী শ্বাহৰ জীয়ৰীয়ে এইবাৰ শিৱসাগৰ ছোৱালী কলেজৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

    ব্যক্তিগত খণ্ডৰ তেল কোম্পানীত কৰ্মৰত পিতৃ উমা শংকৰ শ্বাহ বৰ্তমান কৰ্মসূত্ৰে ৰাজস্থানত আছে।

    যুৱতীগৰাকীৰ সন্ধানত কালি পুৱাৰ ভাগৰ পৰাই জিলা প্ৰশাসনৰ এছডিআৰএফ বাহিনীয়ে দিখৌ নদীত অভিযান চলাইছিল।

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং