অৱশেষত অসমৰ গামোচা আৰু চকোৱা চাউলে লাভ কৰিলে ভৌগোলিক পৰিচয় (geographical indications (GI) tag)। ১২৪ সংখ্যক Geographical Indications Journal-এ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা আৰু চকোৱা চাউলক GI Tagৰে বিজ্ঞাপিত কৰিলে। GI সেইসমূহ সামগ্ৰীৰ ওপৰত ব্যৱহৃত এটা চিহ্ন হয় যিসমূহ সামগ্ৰীৰ এটা বিশিষ্ট ভৌগোলিক উত্স থাকে অথবা সেই উত্সৰ কাৰণে খ্যাত।

‘গামোচা অসমৰ বাবে স্বাভিমান। গামোচা অসমীয়া জীৱনৰ অপৰিহাৰ্য বস্ত্ৰ। গামোচা অসমীয়া সমাজত বহুল ব্যৱহৃত এবিধ বস্ত্ৰ তথা অসমীয়া সংস্কৃতিৰ অন্যতম পৰিচায়ক। গামোচা অসমীয়া সংস্কৃিতৰ প্ৰতীক। গামোচা হাতেৰে বোৱা হয়, অসমীয়া সংস্কৃিতত ইয়াৰ উচ্চ সন্মান থকাৰ লগতে অসমত ব্যাপক পৰিমানে ব্যৱহাৰো কৰা হয়, এই বুলি ক’লে GI journalয়ে।

GI Tag প্ৰদান কৰা Intellectual Property India (IPI) bodyএ লগতে উল্লেখ কৰে যে গামোচাই অসমৰ কৃষি, প্ৰকৃতি, উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰতো পৰিচয় বহন কৰে। ইয়াৰ পূৰ্বে অসমৰ মুগা, জহা চাউল, তেজপুৰৰ লিচুৱে পাইছিল GI Tag।