31 C
Guwahati
Tuesday, October 4, 2022
More

    ২৪ ঘণ্টাৰ ভিতৰতেই মেঘালয়ৰ প্ৰথম কৰ’ণাত আক্ৰান্ত ব্যক্তিজনৰ মৃত্যু

    ৪৮ ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি কৰিছে শ্বিলং আৰু নংপোত

    মেঘালয়ৰ প্ৰথমজন কৰ’ণা আক্ৰান্তৰ মৃত্যু হোৱা বুলি তথ্য। মাত্ৰ ২৪ ঘণ্টা পূৰ্বে দেহত ধৰা পৰিছিল মেঘালয়ৰ প্ৰথমগৰাকী কৰ’ণা আক্ৰান্ত ব্যক্তি। পিছে মাত্ৰ ২৪ ঘণ্টাৰ পিছতেই কোভিড–১৯ত মৃত্যু হয় ব্যক্তিগৰাকীৰ। কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজন এজন জ্যেষ্ঠ চিকিৎসক।

    শ্বিলঙৰ বেথানী হাস্পতালত মৃত্যু চিকিৎসকগৰাকীৰ। বেথানী হাস্পতালৰ প্ৰতিষ্ঠাপকো আছিল চিকিৎসকগৰাকী। আজি পুৱতি নিশা ৩ বজাত মৃত্যু হয় চিকিৎসকগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ।

    প্ৰথমজন ক’ৰণা আক্ৰান্তৰ পিছতে অধিক কঠোৰ হৈ পৰিছে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়। ব্যক্তিগৰাকীৰ মৃত্যুৰ পিছতেই ৪৮ ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি কৰিছে ৰাজধানী শ্বিলং আৰু নংপোত।

    Photo Credit: Shillong Today

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং