23 C
Guwahati
Thursday, October 28, 2021
More

    মহৰমৰ তাজিয়া তাণ্ডৱৰ পিছতে সলনি কৰা হ’ল ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক

    সুভাষিণী শংকৰণৰ ঠাইত পূৰ্বৰ আৰক্ষী অধীক্ষক গৌতম বৰাক নিযুক্তি দিয়া হৈছে। 10th APBnৰ অধিনায়ক আছিল গৌতম বৰা

    ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুভাষিণী শংকৰণক ১৩ ছেপ্টেম্বৰত অৰ্থাৎ শুকুৰবাৰে কাহিলীপাৰাৰ 10th APBnলৈ বদলি কৰা হৈছে। ডিব্ৰুগড়ত মহৰমৰ তাজিয়াত পৰম্পৰাৰ নামত ৰাজপথত উদ্ভণ্ডালি চলোৱা ঘটনাৰ ৩ দিনৰ পিছতে এই ঘোষণা কৰা হৈছে। চলিত বছৰৰ জানুৱাৰী মাহত যোগদান কৰিছিল ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ পদত।

    সুভাষিণী শংকৰণৰ ঠাইত পূৰ্বৰ আৰক্ষী অধীক্ষক গৌতম বৰাক নিযুক্তি দিয়া হৈছে। 10th APBnৰ অধিনায়ক আছিল গৌতম বৰা।

    উল্লেখ্য যে, মহৰমৰ দিনা একাংশ লোকে তাজিয়াৰ নামত দুজন লোকৰ গাড়ী ভাঙি চূৰমাৰ কৰিছিল আৰু সমগ্ৰ ঘটনা নিৰৱে চাই আছিল স্থানীয় আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং