16 C
Guwahati
Wednesday, December 1, 2021
More

    ৪ সমষ্টিৰ উপ–নিৰ্বাচনৰ ফলাফল, পুৱা ৮ বজাৰ পৰা অব্যাহত ভোটগণনা

    ইফালে ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন। ছিকিমত তিনিটা সমষ্টিৰ, অৰুণাচল প্ৰদেশত এটা সমষ্টিত আৰু মেঘালয়তো এখন আসনৰ বাবে অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন

    অসমৰ ৪ সমষ্টিৰ বাবে অনুষ্ঠিত উপ–নিৰ্বাচনৰ ভোটগণনা অব্যাহত। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ২১ অক্টোবৰত অসমৰ ৰঙাপৰা, ৰাতাবাৰী, সোণাৰি আৰু জনিয়া সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন। আজি ২০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

    ৰঙাপৰা সমষ্টিত নিৰ্বাচনী যুঁজত নামিছিল ৫ গৰাকী প্ৰাৰ্থী। কাৰ্তিক কুৰ্মী (কংগ্ৰেছ), ভাৰতীয় গণ পৰিষদ দলৰ অৰূপ কুমাৰ চৌধুৰী, চি পি আই(এম)ৰ ৰয়েল ছৰেং, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) পাৰ্টীৰ সঞ্জিত ৰাজবংশী আৰু বিজেপিৰ ৰাজেন বৰঠাকুৰে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সমষ্টিটোত বিজেপিৰ ৰাজেন বৰঠাকুৰ আৰু কংগ্ৰেছৰ কাৰ্তিক কুৰ্মীৰ মাজতে মূল যুঁজ।

    সোণাৰি সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল দুগৰাকী প্ৰাৰ্থী। কংগ্ৰেছ দলৰ সুশীল চুৰী আৰু বিজেপিৰ নৱনীতা সন্দিকৈ।

    ৰাতাবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে। বিজেপিৰ বিজয় মালাকাৰ, কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰাজাক, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ বিৰেন্দ্ৰ ৰবিদাস আৰু নিৰ্দলীয় পৰিক্ষিত ৰয়। সমষ্টিটোত বিজেপিৰ বিজয় মালাকাৰ আৰু কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰজকৰ মাজত হ’ব মূল প্ৰতিদ্বন্দ্বিতা।

    জনিয়া সমষ্টিত ৯গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনত। বিজেপিৰ টফিকুৰ ৰহমান, কংগ্ৰেছৰ ছামছুল হক, AIUDFৰ ৰফিকুল ইছলাম, AAPৰ ফাৰুক খান, Democratic Party of Indiaৰ ৰফিকুল ইছলাম, NPPৰ চান্দ মহম্মদ, CPI-Mৰ ৰুষ্টম আলী, নিৰ্দলীয় আব্দুল জলিল তালুকদাৰ আৰু নিৰ্দলীয় সুভাষ সুত্ৰধৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

    উপ–নিৰ্বাচনত ৭৪.১৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ। ইয়াৰ ভিতৰত ৰঙাপৰাত ৭৭.৮০ শতাংশ, সোণাৰিত ৭১.৩০ শতাংশ, ৰাতাবাৰীত ৭৪.৭৩ শতাংশ আৰু জনিয়াত ভোটদান ৭৯.০৮ শতাংশ। ৰাতাবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৬৪,৮৩০ গৰাকী। জনিয়া সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৮৮,২১৪ গৰাকী। ৰঙাপৰা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৫৫,২৬৭ গৰাকী আৰু সোণাৰি সমষ্টিত মুঠ ভোটাৰকৰ সংখ্যা আছিল ১,৭০,৫৮৭ গৰাকী।

    ইফালে ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন। ছিকিমত তিনিটা সমষ্টিৰ, অৰুণাচল প্ৰদেশত এটা সমষ্টিত আৰু মেঘালয়তো এখন আসনৰ বাবে অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং