14.4 C
Guwahati
Saturday, January 29, 2022
More

    ২১ তাৰিখৰ পৰা খুলিব সকলো কাৰ্যালয়; কি কি ক্ষেত্ৰত থাকিব শিথিলতা?

    অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা DGPৰ

    ‘লকডাউন সন্দৰ্ভত বহুত শিথিল হ’ব বুলি মানুহৰ মাজত এটা ধাৰণা হৈছে সেয়া ভুল।’- অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সংবাদমেলত মন্তব্য মুখ্য সচিবৰ। ২১ তাৰিখৰ পৰা খুলিব সকলো কাৰ্যালয়। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিষয়ে সিদ্ধান্ত ল’ব বিভাগীয় কৰ্তৃপক্ষই। জনতা ভৱনৰ কৰ্মচাৰীৰ বাবে বাছৰ ব্যৱস্থা কৰা হৈছে। সংবাদমেলত এই ঘোষণা মুখ্য সচিবৰ। ‘৩০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব। ৰোষ্টাৰৰ মতে উপস্থিত থাকিব লাগিব কাৰ্যালয়ত। সকলো কৰ্মচাৰীয়ে নিজৰ লগত ৰাখিব লাগিব পৰিচয় পত্ৰ। মাস্ক পৰিধান কৰোটো সকলোৰে বাবে বাধ্যতামূলক। কাৰ্যালয় সমূহত সামাজিক দূৰত্ৱ বৰ্তাই ৰাখিব লাগিব। কৃষিৰ লগত জড়িত সকলোৱেও বৰ্তাই ৰাখিব লাগিব সামজিক দূৰত্ৱ।’- সংবদামেলত এই নিৰ্দেশনা সচিবৰ।

    খাদ্য প্ৰস্তুতিকৰণ আৰু বিস্কুট, ব্ৰেড ফেক্টৰি খোলাৰ নিৰ্দেশ প্ৰদান। ই-কমাৰ্চ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবেহে খোলা থাকিব। খাদ্য সামগ্ৰী আৰু দুগ্ধ সামগ্ৰী যাতায়াতত নাথাকিব কোনোধৰণৰ নিষেধাজ্ঞা। ইটা ভাটা খোলাৰ নিৰ্দেশ। মথাউৰি আৰু PWDৰ কাম চলি থাকিব। মাছ-মাংসৰ ক্ষেত্ৰতো নাথাকিব কোনো নিষেধাজ্ঞা। এই কথা জনালে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। এদিনৰ কাৰণে ৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধ শ্ৰমিকসকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে। শ্ৰমিকসকলক অনা নিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। পাঠ্যপুঠিৰ পাইকাৰী দোকান সপ্তাহত তিনি দিন তিনি ঘণ্টাৰ বাবে খুলিব পাৰিব। সাধাৰণ জনতাৰ বাবে প্ৰৱেশ বন্ধ জনতা ভৱনত। ক’ল্ড ষ্ট’ৰেজ আৰু ৱেৰ হাউচ খুলা থাকিব
    ৩ মেলৈ অব্যাহত থাকিব কঠোৰ লকডাউন। সংবাদমেলত এই ঘোষণা মুখ্য সচিবৰ।

    অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা DGPৰ। বিভাগীয় মুৰব্বীয়ে সুনিচ্ছিত কৰি ৰাখিব লাগিব সামাজিক দূৰত্ৱ। বহু স্বেচ্চাসেৱী সংগঠনে সামাজিক দূৰত্বৰ ওপৰত নজৰ ৰাখিব। সামাজিক দূৰত্বৰ নীয়ম ভংগ কৰিলে আৰক্ষীৰ ৰোষত পৰিব লাগিব বুলি ঘোষণা। ৰাজহুৱা স্থানত থু-খেকাৰ পোলোৱা নিষিদ্ধ প্ৰদান কৰা হৈছে। বিবাহ আৰু অন্তোষ্টিক্ৰিয়াৰ বাবে স্থানীয় প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও সংবাদমেলত জনালে। দুচকীয়া বাহনত অত্যাৱশ্যকীয় সেৱাৰ বাবে কেৱল এজন উঠিব পাৰিব। চাৰিচকীয়া বাহনত ড্ৰাইভাৰৰ বাহিৰে এজনক হে অনুমতি প্ৰদান কৰিব। পৰিচয় পত্ৰ হাতত থকা বাধ্যতামূলক। পৰিচয় পত্ৰ নাথাকিলে সংশ্লিষ্ট বিভাগৰ অনুজ্ঞা পত্ৰ থাকিব লাগিব। অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাক সমূহত ড্ৰাইভাৰসহ কেৱল এজনকহে অনুমতি প্ৰদান কৰা হৈছে। সংবাদমেলত এই ঘোষণা DGPৰ।

    স্বাস্থ্য বিভাগৰ কৰ্মীৰ লগত দুৰ্ব্যৱহাৰ কৰিলে দায়ী হ’ব আৰক্ষী। চিকিৎসা সেৱাৰ লগতে জড়িত কৰ্মীক প্ৰয়োজনত দুচকীয়া বাহনত দুজনক অনুমতি প্ৰদান কৰা হ’ব। ছ’চিয়েল মিডিয়াৰ ওপৰত নজৰ ৰখা হ’ব। ৭৩৫টা পষ্ট ডিলিট আৰু ৩৫জনক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে। মাস্ক পৰিধান নকৰিলে IPC ধাৰা 269/270ৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে DGPয়ে। জৰিমনাৰ লগতে দুবছৰৰ কাৰাদণ্ড। সামাজিক দূৰত্ব নামানিলে এই ধাৰাত গোচৰ ৰুজু কৰা হ’ব। গুটখা, ধপাত আদি বিক্ৰীত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। বিক্ৰী কৰিলে শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ব। ৰাজহুৱা স্থানত ধুমপান কৰিলে ২০০ টকা পৰ্যন্ত জৰিমনা। নাবালকক সুৰা বা নিচা জাতিয় সামগ্ৰী বিক্ৰী কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। এই পৰ্যন্ত অসমত জব্দ হৈছে ২৫০০০ত কৈও অধিক বাহন। সংবাদমেলত এই ঘোষণা ভাস্কৰ জ্যোতি মহন্তৰ।

    Photo: Time8

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং