এটা পৰিয়ালৰ বাবে কিমান দুখৰ হব পাৰে আপোন জনৰ মৃত্যু। মৃত্যুৰ পিছত সকলো ব্যস্ত হৈ পৰে সেই আপোন জনৰ শেষকৃত্যৰ বাবে।
পিছে যদি সেই শেষকৃত্যৰ অধিকাৰ তেওঁলোকৰ হাতত নাথাকে, তেতিয়া?, মৃতদেহ সমুখত পৰি আছে কিন্তু শেষকৃত্য কৰাৰ অধিকাৰ নাই।
তাতে আকৌ ভুতৰ ওপৰত দানৱ পৰা দি যদি সেই মৃত ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা হয়, আৰু মৃতদেহ থাকে ঘৰতেই! তেতিয়া পৰিস্তিতি কেনে হব?
তেনেই এক পৰিস্থিতিৰ উদ্ভৱ হয় পশ্চিমবংগ ৰাজ্যত। ৰাজধানী কলিকতাত এজন বয়োজ্যেষ্ঠ লোকৰ কৰ’ণাক আক্ৰান্ত হৈ নিজ ঘৰতেই মৃত্যু হয়।
পৰিয়ালৰ লোকে শেষকৃত্যৰ বাবে প্ৰশাসনক খবৰ কৰিও নাপাই কোনো উত্তৰ নপোৱাত ৪৮ ঘণ্টা ধৰি মৃতদেহ সোমোৱাই ৰাখে ফ্ৰিজত।
স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগি আছিল ৭১ বৰ্ষীয় বৃদ্ধগৰাকী।
যাৰ বাবেই মধ্য কলিকতাৰ ৰাজা ৰামমোহন চৰানী অঞ্চলৰ নিজা বাসভৱনতেই সোমবাৰে মৃত্যু হয়।
যি জন ডাক্টৰৰ ওচৰলৈ তেওঁক নিয়া হৈছিল সেই ডাক্টৰে তেওঁক স্বাৱ টেষ্ট কৰাবলৈ দিছিল। আৰু সেই অনুসৰিয়েই স্বাৱ টেষ্টো কৰোৱা হৈছিল বৃদ্ধৰ।
কিন্তু ফলাফল অহাৰ পূৰ্বেই সোমবাৰেই ২৯ জুন তাৰিখে ঘৰত অহাৰ কিছু সময় পাছত স্বস্থ্যৰ অধিক অৱনতি ঘটি মৃত্যু হয়।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি মৃত্যুৰ খবৰ পোৱা মাত্ৰেই পিপিই কিট পিন্ধি স্বাস্থ্যকৰ্মী তেওঁলোকৰ ঘৰলৈ আহে এইটো কভিডৰ কেছ বুলি কৈ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ দিয়ে।
আৰক্ষীয়ে আকৌ পৰিয়ালৰ লোকক স্থানীয় প্ৰসাশনৰ সৈতে যোগাযোগৰ বাবে কয়।
কিন্তু ইমানৰ পিছতো কাৰোৰে পৰা কোনো ধৰণৰ সহায় লাভ নকৰে পৰিয়ালটোৱে।
আনকি স্বাস্থ্য বিভাগৰ হেল্পলাইন নম্বৰ আৰু মৰ্গগৃহতো খবৰ কৰে। কিন্তু তাৰ পৰাও কোনো খবৰ নাহে।
সেয়ে শেষত উপায়বিহীন হৈ যেতিয়ালৈকে শেষকৃত্য সমাপন নহয় তেতিয়ালৈ মৃতদেহটো ফ্ৰিজত ভৰাই থয়।
মঙলবাৰে মৃতলোকজনৰ স্বাৱটেষ্টৰ ফলাফল আহে আৰু তাত কভিড পজিটিভ বুলি ধৰা পৰে।
পজিটিভ অহাৰ পিছত হে কলিকতা নহয় নিয়মৰ লোক আহি মৃতদেহটো লৈ যায় আৰু শেষকৃ্ত্য সম্পন্ন কৰে।
Photo Credit: Wikipedia